বিনোদনশীৰ্ষসাংস্কৃতিক

ভ্ৰাম্যমাণত নৱাগত অভিনেতা ৰাজীৱ দাস

বৰ্তমান সময়ৰ ভ্ৰাম্যমাণ জগতৰ নৱাগত প্ৰতিভাৱানৰ মাজৰ এজন সুদৰ্শন নায়ক ৰাজীৱ দাস। সৰু কালৰে পৰা অভিনয়ৰ প্ৰতি দূৰ্বাহ হেপাহ থকা এজন নৱ প্ৰজন্মৰ যুৱক ৰাজীৱ ।
দক্ষিণ কামৰূপৰ ছয়গাঁওৰ জন্মগ্ৰহণ কৰা ৰাজীৱে অসমৰ বিভিন্ন সৰু বৰ নাট্যগোষ্ঠীত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় , তেওঁ অভিনীত কেইখনমান উল্লেখনীয় নাট – অভিজিৎ ভট্টাচাৰ্যৰ – ‘ভুল নুবুজিবা ভূপেন দা’, হিমুৰাজৰ – ‘বিক্ৰম বাহুবলী’, ‘দাদাগিৰী’ হেমন্ত দত্তৰ ‘জুই’ ইত্যাদি ।
ইয়াৰ উপৰিও তেওঁ সমান্তৰালকৈ ভিডিও গীত তথা ডি ডি কিচানৰ কেইবাখনো ধাৰাবাহিকটো ভুমুকি মাৰিছিল ।
বিগত যোৱাটো নাট্যবৰ্ষত পোন-প্ৰথমবাৰৰ বাবে আগশাৰীৰ নাট্যদল ৰূপৰাজ থিয়েটাৰ’ৰ সৈতে চুক্তিবদ্ধ হৈ ভৱেন বৰুৱাৰ – ‘মৰা মানুহৰ হাঁহি’ , সেৱাব্ৰত বৰুৱাৰ – ‘নিলাজৰ লাজ’ আৰু অমল কুমাৰৰ – ‘মৰমৰ ইপাৰ সিপাৰ’ তিনিটাখন নাটকতে তিনিটা দূৰ্দান্ত ভিন্নধৰ্মী নায়কৰ চৰিত্ৰত অভিনয় আছিল অপ্ৰতিৰোধ্য । চলিত (২০১৯-২০) বৰ্ষৰ বাবে অভিনেতা জন চুক্তিবদ্ধ হৈছে নটসূৰ্য থিয়েটাৰ’ৰ সৈতে । অভিনেতা জনলৈ থাকিল আমাৰ অযুত শুভকামনা…..।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close