বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ভূটীয়াচাঙত বিৰাট-অনুষ্কা

পাহাৰে পাহাৰে জন্মদিন উপভােগ

‘মাইকী মহৰ বেজাৰত

মতা মহ বেচিলু।

লাখুটি তুলিলাে চাঙত

মােৰে কাৰণে ঘৰ-বাৰী এৰি থৈ

সােমাবা গৈ ভূটীয়াচাঙত’

অসমীয়া গানৰ এই কলিটি সকলােৰে মুখে মুখে। ৯০ ৰ দশকৰ জনপ্রিয় গীতটিয়ে অসম আৰু ভূটানৰ অতীতৰ সম্পৰ্কক ব্যক্ত কৰে। পূর্বতে ৰহ উঠিলেই ভূটীয়াচাঙত গৈ সােমােৱাৰ কাহিনী অলেখ আছে। পিছে এইবেলি ভূটীয়াচাঙত অসমৰ পৰা নহয় দিল্লীৰ পৰাহে গৈ সােমাল বিৰাট-অনুষ্কা। কালি বিৰাট কোহলিৰ ৩১ সংখ্যক জন্মদিন উদ্যাপন কৰিবলৈ ভাৰতীয় ক্রিকেট দলৰ কেপ্টেইন কোহলি, পত্নী অনুষ্কা শর্মাসহ ভূটানত অনুষ্ঠিত হয়। হিমালয়ৰ পাডদেশত অৱস্থিত ভূটানৰ নৈসর্গিক শােভাৰাজি আনন্দ লভিবলৈ পাহাৰীয়া দেশখনত উপস্থিত হৈ এঘৰ ভূটীয়া লােকৰ ঘৰত চাহৰ সােৱাদ লয়। বৰ আত্মীয়তাৰে ভূটীয়াচাঙত আদৰণি লাভ কৰে বিৰাট আৰু অনুষ্কাই। কিন্তু সহজ-সৰল ভূটীয়া পৰিয়ালটোৱে চিনি নাপালে বিৰাট আৰু অনুষ্কাক। কাৰণ তেওঁলােকৰ মতে বিৰাট আৰু অনুষ্কা আলহী আৰু আলহীক আপ্যায়ন তেওঁলােকৰ ধর্ম। ক্রিকেট আৰু হিন্দী ছবিৰ পৰা বহু দূৰৈত থকা পৰিয়ালটোৱে বিৰাট আৰু অনুষ্কাৰ নাম সােধে যদিও তেওঁলােকৰ বৃত্তিৰ সৈতে পৰিচিত নহয় বুলি জনায়। তথাপিও অকৃত্রিম মৰমেৰে কৰা আপ্যায়নত অভিভূত হৈ পৰে কোহলি। ইপিনে নিজৰ জন্মদিনত ছ’চিয়েল মিডিয়াত নিজলৈ লিখা এখন চিঠি প্রকাশ কৰিছে বিৰাট কোহলিয়ে। ১৫ বছৰ বয়সত নিজলৈয়ে নিজে এখন চিঠি লিখিছিল বিৰাট কোহলি। য’ত তেওঁৰ লক্ষ্য আৰু জীৱনযাত্রা সন্নিৱিষ্ট কৰিছিল। এই পত্ৰখনতেই নিজৰ সপােন অনুসৰণ কৰিবলৈ চলাবলগীয়া মানসিকতা প্রতিফলিত কৰিছিল বিশ্ব ক্রিকেটৰ অন্যতম সফল বেটছমেন বিৰাট কোহলিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close