
ভিন্ন গ্ৰহত সঁচাকৈয়ে প্রাণীৰ অস্তিত্ব আছে নেকি? এই প্রশ্নটোৱে পূৰ্বৰ পৰাই কৌতুহলতাৰ সৃষ্টি কৰে সকলােৰে মনত। এই সম্পর্কে মাজে-সময়ে বৈজ্ঞানিকে বহু তথ্য পােহৰলৈ আনে যদিও সেয়া পর্যাপ্ত নহয়। সেয়ে অধিক তথ্যৰ বাবে বৈজ্ঞানিকসকলে গৱেষণা চলাই গৈছে। গৱেষণা চলি থকা সময়তাে এই বিষয়টোক লৈ কিছু আশ্চর্যকৰ দাবীও শুনিবলৈ পােৱা গৈছে। শেহতীয়া তথ্য অনুসৰি এগৰাকী চীনা লেখকে দাবী উত্থাপন কৰিছে যে তেওঁৰ ওচৰত এটি ভিন্ন গ্রহৰ প্ৰাণীৰ লাওখােলা মজুত আছে।
চীনৰ ৰাজধানী বেইজিঙত অনুষ্ঠিত এক সমাৱেশত লেখকগৰাকীয়ে এই দাবী কৰে। ইয়াৰ পিছতেই চৰ্চিত হৈ পৰে বিষয়টো। এই লেখকগৰাকীৰ নাম লি জিয়াননি। ৫৫ বছৰীয়া এই লেখকগৰাকী স্বঘােষিত ইউফো বিশেষজ্ঞ বুলিও জানিব পৰা গৈছে। তেওঁৰ সংগ্ৰহত থকা ভিন্নগ্রহৰ প্রাণীটোৰ খােলাৰ ব্যাস প্রায় ১৬ ছেঃমিঃ। খােলাটোত দুটি সুকীয়া স্তৰ দেখিবলৈ পােৱা গৈছে। এই অদ্ভুত খােলাটো তেওঁ ক’ত পালে এই সন্দৰ্ভত প্রশ্ন উত্থাপন কৰাত তেওঁ কয় যে পথৰ দাঁতিত সজোৱা বস্তু বিক্ৰী কৰা বিক্রেতা এগৰাকীৰ পৰা তেওঁ ক্রয় কৰে। ইয়াৰ পিছতেই তেওঁ গৱেষণা অব্যাহত ৰাখে। ১০৩ পৃষ্ঠাজোৰা এখন গৱেষণা পত্ৰৰ সহায়ত তেওঁ প্রমাণ কৰে যে এয়া কোনাে মহাজাগতিক কোনাে প্রাণীৰ খােলা। এতিয়াও যেন পূর্ণ গৱেষণা বাকী আছে। ইয়াৰ বাবে যথেষ্ট অর্থ প্রয়ােজন। সেয়ে এই গৱেষণা আধৰুৱা হৈ ৰৈছে। হয়তাে কিছু অর্থ সাহায্য পালে তেওঁ এই গৱেষণা পূর্ণগতিত চলাই নিব বুলি দাবী কৰিছে। এই বিষয়টোৱে বর্তমান ছ’চিয়েল মিডিয়াটো তীব্র খলকনিৰ সৃষ্টি কৰিছে। কিছু সংখ্যকে আদৰি লৈছে যদিও কিছু সংখ্যকে আকৌ টুলুঙা মন্তব্য আগবঢ়াইছে। কিন্তু ৫৫ বছৰীয়া লি জিয়ানমিনে নিজৰ মতত স্পষ্ট বুলি জানিব পৰা গৈছে। সেয়ে তেওঁ সকলােৰে প্ৰশ্নৰ প্রত্যুত্তৰ আগবঢ়াব আগন্তুক গৱেষণাৰ জৰিয়তে।