ক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

ভাৰতৰ বিৰুদ্ধে ২০২১ত এখনতকৈ অধিক দিবা-নৈশ টেষ্ট খেলিব বিচাৰে অষ্ট্ৰেলিয়াই

ক্ৰিকেট অষ্ট্ৰেলিয়া(চি এ) য়ে ভাৰতৰ সৈতে এখনতকৈ অধিক দিবা- নৈশ টেষ্ট খেলাৰ মন মেলিছে। অষ্ট্ৰেলিয়া জানুৱাৰীত ভাৰত ভ্ৰমণলৈ আহিব। ভ্ৰমনকালত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে খেলিব তিনিখন মেচৰ টি-২০ছিৰিজ। ইয়াৰ আলোচনা কৰিবলৈ ক্ৰিকেট অষ্ট্ৰেলিয়াই বিচিচিআইৰ সৈতে কথা পাতিব পাৰে। আলোচনাকালত ২০২১ৰ অষ্ট্ৰেলিয়া ভ্ৰমনকালত ভাৰতৰ সৈতে আখনতকৈ অধিক দিবা-নৈশ টেষ্ট ছিৰিজৰ বিষয়টোক লৈ কথা পাতিব পাৰে। যদিহে এইটো সম্ভৱ হৈ উঠে তেন্তে ক্ৰিকেট ইতিহাসত এইটো প্ৰথমবাৰ হ’ব। উল্লেখ্য যে শেহতীয়াকৈ ভাৰতে বাংলাদেশৰ বিৰুদ্ধে কলকাতাত খেলা দিবা-নৈশ টেষ্টত ভাৰতে জয় লাভ কৰিছিল। এক ইনিংছৰ ব্যৱধানত কলকাতা টেষ্টত ভাৰতে জয় লাভ কৰিছিল। অষ্ট্ৰেলিয়াও নিজৰ বিগত গুলপীয়া বলৰ টেষ্টত পাকিস্তানৰ বিৰুদ্ধে এক ইনিংছৰ ব্যৱধানত জয় লাভ কৰিছিল। ইয়াৰ পিছত ক্ৰিকেট অষ্ট্ৰেলিয়াই ভাৰতৰ সৈতে এখনতকৈ অধিক দিবা-নৈশ টেষ্ট খেলাৰ মন মেলিছে। ভাৰত বৰ্তমান সময়ত আইচিচি টেষ্ট চেম্পিয়নশ্বিপত ৩৬০পইণ্টৰে তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়া ১৭৬পইন্টৰে দ্বিতীয় স্থান দখল কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close