Business

ভাৰতৰ বজাৰত টেকন’ মোবাইলছৰ নতুন ফোন মুকলি

দেশৰ আগশাৰীৰ স্মার্টফোন নির্মাতা প্রতিষ্ঠান টেকন’ মােবাইলছে ভাৰতত মুকলি কৰিলে দুটা নতুন স্মার্টফোন স্পার্ক গ’আৰু স্পার্ক ৪ এয়াৰ। মধ্যমবৰ্গৰ স্মার্টফোনৰ শাখাত প্রৱেশৰ পাছতে এই দুটা স্মার্টফোনেৰে প্ৰাৰম্ভিক শাখাৰ ফোনৰ বজাৰত প্ৰৱেশ কৰিছে টেকন’ মােবাইলছে। টেকন’স্পার্ক গ’ৰ মূল্য হ’ল ৫,৪৯৯ টকা আৰু টেকন’ স্পার্ক ৪ এয়াৰৰ মূল্য হ’ল ৬,৯৯৯ টকা। দেশজুৰি ৩৫,০০০ তকৈ অধিক অফলাইন বিপণীতে লাভ কৰিব পাৰিব এই দুটা স্মার্টফোন। টেকন’ স্পার্ক গ’ত আছে ২ জিবি মে, ১৬ জিবি আভ্যন্তৰীণ মেমৰি, ৬.১ ইঞ্চি এইচডিপ্লাছ ডিপ্লে’, ২.০ গিগাহার্টজ হেলিঅ’এ ২২ কোৱাড-ক’ৰ প্ৰচেছৰ, ৮ মেগাপিক্সেল ৰিয়েৰ কেমেৰা, ৫ মেগাপিক্সেল ফ্রন্ট কেমেৰা, ৩০০০ এমএএইচ বেটাৰি ইত্যাদি বৈশিষ্ট্য। আগত উৎসৱৰ প্রতি লক্ষ্য ৰাখি প্রতিটো টেকন’স্পার্ক গ’ৰ গ্ৰাহকক ৭৯৯ টকা মূল্যৰ ব্লুটুথ ইয়েৰপিচ আগবঢ়োৱা হ’ব। স্পার্ক ছিৰিজ মুকলিৰে টেকন’ৱে শ্রেষ্ঠ মানৰ স্মার্টফোন ডিজাইন, ডিপ্লে’ আৰু কেমেৰাসহ প্রাৰম্ভিক শাখাত ইয়াৰ স্থিতি শক্তিশালী কৰাত গুৰুত্ব আৰােপ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close