বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ভাৰতৰ কোটিপতি নাপিতগৰাকী

এগৰাকী ৪৮ বছৰীয়া ব্যক্তি। নাম ৰমেশ বাবু। পেছাত এগৰাকী নাপিত। অকল নাপিত বুলি ক’লে হয়তাে ভুল কোৱা হ’ব। তেওঁ এগৰাকী কোটিপতি নাপিত। এয়া কোনাে লণ্ডন বা আমেৰিকাৰ ঘটনা নহয়। এই কোটিপতি নাপিতজন আছে এইখন ভাৰতবৰ্ষতে। ক্ষুৰ কৰ্মৰে জীৱনৰ পাতনি মেলা এইগৰাকী নাপিত অর্থাৎ ৰমেশ বাবু বর্তমান ৫০০খন গাড়ীৰ মালিক। ৰ’লছৰয়েছ, মার্চিডিছ, জাগুৱাৰ, বি এম ডব্লিউৰ দৰে বহু বিলাসী বাহনৰ তেওঁ মালিক। মনত যদি থাকে অদম্য হেঁপাহ তথা সাহস তেন্তে জীৱনৰ সকলাে দিশতে যে সফলতা লাভ কৰিব পাৰি তাৰেই প্রমাণ দাঙি ধৰিলে ৰমেশে। কঠোৰ পৰিশ্ৰম তথা অধ্যৱসায়ৰ গুণতে আজি তেওঁ উত্তৰণৰ শিখৰ বগাবলৈ সক্ষম হৈছে। প্রথমাৱস্থাত তেওঁ নাপিতৰ সমান্তৰালকৈ টুৰ এণ্ড ট্রেভেল ব্যৱসায় আৰম্ভ কৰিছিল। ইয়াৰ পিছত কঠোৰ সংগ্রাম তথা পৰিশ্ৰমৰ বলত জীৱনৰ একা-বেঁকা বাটত খােজ দি বর্তমান তেওঁ পাঁচশখন বিলাসবহুল গাড়ীৰ মালিক। কথাষাৰ সাধু লেখিয়া হলেও বাস্তৱ সত্য। এক সাক্ষাৎকাৰত ৰমেশে কয় যে, তেওঁ সৰুৰে পৰা সপােন দেখি ভাল পাইছিল। আৰু এই সপােনেই হ’ল তেওঁৰ সফলতাৰ মূল। চাবিকাঠি। ইতিমধ্যে তেওঁৰ গাড়ী বলীউডৰ বাদশ্বাহ অমিতাভ বচ্চন, অভিনেত্রী ঐশ্বর্য ৰায় বচ্চন, আমিৰ খান, কামাল হাছানকে আদি কৰি বহুগৰাকী তাৰকাই ব্যৱহাৰ কৰিছে। আন এক তথ্যত পােহৰলৈ আহিছে যে ৰমেশৰ পিতৃ-মাতৃৰ বিয়ােগৰ পিছত তেওঁৰ খুড়ায়েকে তেওঁলােকৰ দোকানখন দখল কৰে। দোকানত কাম কৰাৰ বাবদ ৰমেশক মাত্র পাঁচ টকা পাৰিশ্রমিক দিয়া হৈছিল। তথাপিও ৰমেশ হতাশ হােৱা নাছিল। প্রথমাৱস্থাত তেওঁ খুড়াকৰ সৈতে একেলগে কাম কৰে যদিও পিছলৈ তেওঁ নিজেই ব্যৱসায় আৰম্ভ কৰে। পিছলৈ নিজৰ কৰ্মঅভিজ্ঞতাৰ বলত ছিংগাপুৰৰ টনি এণ্ড গাই হেয়াৰ ড্রেচিং একাডেমিত কাম কৰিবলৈ পায়। ৰমেশ বাবুৰ প্রথম ক্রয় কৰা গাড়ীখন আছিল মাৰুতি ওমনি ব্ৰেণ্ডৰ। পিছলৈ তেওঁ গাড়ী ভাৰালৈ দিয়া কোম্পানী মুকলি। কৰে। আৰু এয়াই আছিল সফলতাৰ প্ৰথমটো খােজ। ইয়াৰ পিছৰে পৰা তেওঁ বৰ্তমানলৈকে জীৱন যুঁজত হাৰ মনা নাই। সফলতাৰ এটাৰ পিছত চিৰি বগাই বর্তমান তেওঁ শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। বর্তমান তেওঁ ভাৰতৰ লগতে বেংগালুৰু, চেন্নাই আদিটো টুৰছ এণ্ড ট্রেভেলছ কোম্পানীৰ ব্যৱসায় পৰিচালনা কৰিছে। শীঘ্রেই মুম্বাই আৰু গােৱাত এই কোম্পানীৰ শাখা মুকলি কৰিব বুলি সদৰী কৰে ৰমেশ বাবুয়ে। উল্লেখ্য যে, ৰমেশ বর্তমান পাঁচশখন। গাড়ীৰ মালিক যদিও তেওঁ ক্ষুৰ কৰ্ম বাদ দিয়া নাই। জীৱন বাটৰ আৰম্ভণি যিহেতু নাপিতৰ বৃত্তিৰ জৰিয়তেই হৈছিল গতিকে তেওঁ ই বৃত্তিটোক বর্তমানেও সন্মান কৰি আহিছে। তেওঁৰ এই মানসিকতাই বর্তমান সকলােৰে দৃষ্টি আকর্ষণ কৰাৰ লগতে সমাজৰ প্রতিজন লােকৰ বাবে তেওঁ হৈ পৰিছে আদর্শস্বরূপ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close