চলচ্চিত্ৰজগতবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ভাৰতীয় মহিলা ক্রিকেট দলত তাপসী পন্নু : লক্ষ্য ২০২০ বিশ্বকাপ

অভিনয় দক্ষতাৰে বলিউডত খােপনী পুতিবলৈ সক্ষম হােৱা উদীয়মান অভিনেত্রীসকলৰ ভিতৰত অন্যতম তাপসী পন্নুৱে শীঘ্ৰে ভাৰতীয় ছিনিয়ৰ মহিলা ক্রিকেট দলত যােগদান কৰিব। ইয়াৰ বাবে ইতিমধ্যে ২২ গজৰ দূৰত্বত প্রশিক্ষণ আৰম্ভ কৰিছে। তেওঁৰ লগত আছে ভাৰতীয় দলৰ তাৰকা খেলুৱৈ মিতালী ৰাজ। মিতালীৰ নেতৃত্বতে এতিয়া ৬-৪ কোবােৱাৰ প্রশিক্ষণত ব্যস্ত তাপসী। মুঠতে যিকোনাে প্রকাৰেই ২০২০ বৰ্ষত সফল প্রত্যাৱৰ্তন কৰিবই লাগিব। অৱশ্যে এয়া ৰীয়েল লাইফত নহয় ৰীল লাইফতহে। অহা বৰ্ষত আহিবলগীয়া মিতালী ৰাজৰ বায়ােপিক ছবি ‘ছাক্বাছ মিথু’ত মিতালীৰ চৰিত্ৰত অভিনয় কৰিব তাপসীয়ে। বলিউডৰ এক উচ্চস্তৰীয় সূত্রই প্ৰকাশ কৰা অনুসৰি ২০২০ চনত হ’বলগীয়া অষ্ট্রেলিয়া টি-২০ বিশ্বকাপৰ পূর্বে ছবিখনে মুক্তিলাভ কৰিব। উল্লেখ্য যে মিতালীয়ে আন্তঃৰাষ্ট্রীয় কেৰিয়াৰত ২০ বছৰ অতিক্রম কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close