বিজ্ঞানবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ভাৰতীয় বৈজ্ঞানিকৰ সাফল্য

ভাৰতীয় বৈজ্ঞানিকৰ আন এক সাফল্য। বিগত পাঁচ দশকজুৰি ভাৰতৰ এদল বৈজ্ঞানিকে মাটিৰ নমনীয়তা আৰু তাপমাত্রাৰ ওপৰত বিশেষ গৱেষণা অব্যাহত ৰাখিছিল। ইতিমধ্যে এক ইতিবাচক দিশত উপনীত হৈছে দলটো। এই পদ্ধতিৰ জৰিয়তে কোনাে ঠাইৰ বতাহৰ প্ৰভাৱ তথা সতর্কবাণী বা ইয়াৰ পূর্বানুমানৰ আভাস লাভ কৰিব পৰা যাব। উল্লেখযােগ্য যে ভাৰতীয় জলবায়ু অনুসৰি ভাৰতত প্ৰায়ে বতাহ-বৰষুণ আহে। যাৰ ফলত অকালতে জনসাধাৰণৰ মৃত্যুও হােৱা দেখা যায়। এই বিষয়টোৰ প্রতি পূর্বৰ পৰাই বৈজ্ঞানিকৰ দলসমূহে গৱেষণা অব্যাহত ৰাখিছিল। বহু গৱেষণাৰ অন্তত এক উচিত সিদ্ধান্তত উপনীত হৈছে দলটো। গৱেষণাৰ তথ্য অনুসৰি এই পদ্ধতিৰ সহায়ত যদিহে বতৰৰ আগজাননী পােৱা যায় তেন্তে বহু লােকক উদ্ধাৰ কৰিব পৰা যাব। এই বিশেষ গৱেষণাত আই আই টি ভুৱনেশ্বৰ আৰু এন আই টি ৰাউকেল্লাৰ বৈজ্ঞানিকসকল জড়িত হৈ আছে। তেওঁলােকৰ যুটীয়া প্রচেষ্টাত এই বিশেষ যন্ত্ৰটো বা পদ্ধতিটো আৱিস্কাৰ কৰা হৈছে। বিশ্ব বিজ্ঞান মন্ত্রণালয়ৰ সহযােগত এই বিশেষ সফলতা লাভ কৰিছে বৈজ্ঞানিকৰ দলটোৱে। এই ক্ষেত্ৰত কৃত্রিম উপগ্রহ পদ্ধতিও ব্যৱহাৰ কৰা হৈছিল আৰু এই তথ্য ‘চাইনটিফিক ডেটা’ নামৰ কিতাপখনতাে প্রকাশ হৈছিল। উল্লেখ্য যে, এই বিশেষ পদ্ধতি আৱিস্কাৰৰ বাবে বহু বছৰ পূর্বেই পৰিকল্পনা হাতত লােৱা হৈছিল। কিন্তু অভিজ্ঞ ব্যক্তিৰ অভাৱ অত্যাধুনিক প্রযুক্তিবিদ্যাৰ অনুপস্থিতিৰ ফলতেই এই গৱেষণা আধাতেই সামৰিবলগীয়া হৈছিল। কিন্তু শেহতীয়াকৈ ভাৰতীয় গৱেষকৰ দলটোৱে বিশ্বৰ ভিন্ন প্রান্তৰ বৈজ্ঞানিকসকলৰ সৈতে বৈঠকত মিলিত হৈ এই গৱেষণাৰ খতিয়ান দাঙি ধৰে। ইয়াৰ পিছতেই তেওঁলােকৰ পূর্ণ সহযােগিতাৰ ফলত আজি এই গৱেষণাই এক ইতিবাচক দিশত উপনীত হয়। আৰু এয়াই হৈছে ভাৰতীয় বৈজ্ঞানিকৰ এক অন্যতম সাফল্য।যিয়ে হয়তাে বিজ্ঞানৰ ইতিহাসত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈ ৰ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close