স্বাস্থ্য

ভাতকেৰেলাৰ উপকাৰীতা

বিণু লস্কৰ

গ্ৰীষ্মকালীন পাচলি সমূহৰ ভিতৰত ভাতকেৰেলা অন্যতম। খাবলৈ ই যথেষ্ট সোৱাদযুক্ত হোৱাৰ লগতে ইয়াৰ আছে বহু স্বাস্থ্যসন্মত গুণাগুণ। এই সম্পৰ্কে তলত চমু আভাস দাঙি ধৰা হল:

*ভাত কেৰেলা এবিধ নিৰোগী আৰু শৰীৰ শীতল কৰিব পৰা পাচলি l

*বিটাকেৰটিন আৰু লাইকোপাইন ভাত কেৰেলাত প্ৰচুৰ পৰিমাণে থাকে কাৰণে বতৰৰ ভাত কেৰেলা নিয়মিত খালে স্বাস্থ্যৰ উন্নতি হয় , খাদ্য     হজম হয় , খোৱাৰ ৰুচি বাঢ়ে আৰু ষ্ট্ৰেচ কমে l

*ডিপ্ৰেচনত ভূগী থকা সকলৰ বাবে ভাত কেৰেলা উত্তম খাদ্য lভাত কেৰেলাই কলেষ্টৰেল নিয়ন্ত্ৰণ কৰিব পাৰে l

*এনিমিয়াৰ দৰে ৰোগ ভাত কেৰেলা খালে উপশম হয় ।

*ভাত কেৰেলাই কেন্সাৰ ৰোগ দূৰত ৰাখে ,ডায়েৰীয়া হোৱাৰ পৰা বচাই ৰাখে আৰু শৰীৰত বলি ৰেখা নপৰে l

*ভাত কেৰেলা গছৰ শিপাৰ ৰস সাপে কামোৰা ঠাইত দিলে বিষ কমে l

*অৰ্শ ৰোগতো ভাত কেৰেলা গছৰ শিপাৰ ৰস খুন্দি খোৱা উপকাৰী l

*ভাত কেৰেলাই শৰীৰ আৰু মস্তিষ্ক ঠাণ্ডা ৰাখে l

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close