অসমশীৰ্ষ

বৰ্ণালীৰ ৰং তুলিকা

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নিষ্ঠা মিডিয়াৰ কাৰ্যালয়তো উদযাপন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস। দিৱসৰ লগত সংগতি ৰাখি এইবেলি পোনপ্ৰথম বাৰৰ বাবে এখনি চিত্ৰকলাৰ কৰ্মশালা অনুষ্ঠিত হয়। যত বহু কণ কণ শিশুৱে অংশগ্রহণ কৰে। এই বছৰৰ নবেম্বৰ মাহত মুকলি হ’ব লগীয়া চিত্ৰকলাৰ শিক্ষানুষ্ঠান “বৰ্ণালীৰ ৰং তুলিকা” ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই বিনামূলীয়া কৰ্মশালা । এই কৰ্মশালাত শিশু সকলক ছবিৰ জৰিয়তে কিদৰে নিজৰ ভাব প্ৰকাশ, ৰং – তুলিকাৰে কল্পনাক বাস্তৱ ৰূপ, খেল-ধেমালিৰ জৰিয়তে ছবি অংকন আদি বিষয়ৰ ওপৰত জ্ঞান প্ৰদান কৰা হয়। এই কৰ্মশালা খনৰ তত্ত্বাৱধানত আছিল ৰাষ্ট্ৰীয়- আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিত্ৰকলাৰে সুনাম কঢ়িয়াই অনা অসম গৌৰৱ ৰবীন বৰ। কৰ্মশালাৰ শেষত অংশগ্রহণ কৰা প্ৰত্যেক গৰাকী শিশুকে মানপত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয়। উক্ত কৰ্মশালাত অংশগ্রহণ কৰি প্ৰতি গৰাকী শিশু উৎফুল্লিত হোৱাৰ বিপৰীতে অভিভাৱক সকলেও অনুষ্ঠানটিৰ শলাগ লয়। উল্লেখ্য যে, অনুষ্ঠানটিৰ আৰম্ভনিতে উক্ত দিনটোৰ সাৰমৰ্ম ব্যাখ্যা কৰে নিষ্ঠা মিডিয়াৰ পৰিচালন সঞ্চালক মুনজ্যোতি শইকীয়াই। আৰু বৰ্ণালীৰ ৰং তুলিকাৰ প্ৰধান শিক্ষয়িত্ৰী বৰ্ণালী শইকীয়াই স্পীড পেইন্টাৰ খ্যাত ৰবীন বৰক সম্বৰ্দ্ধনা জনায়।

   

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close