বিশেষমনৰ খবৰশীৰ্ষ

বৰষা যেতিয়া নামে

বৰ্ষা সৃষ্টিৰ আৰৰ ৰহস্য

বৰষুণ সৃষ্টিৰ অন্তৰালতাে বহু ৰহস্য ঘণীভূত হৈছে। পূর্বৰে পৰাই বৈজ্ঞানিকসকলে এই ৰহস্য ভেদ কৰিবলৈ বহু পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে। গৱেষণাকালত বহু ৰহস্য উদঘাটন হৈছে। সেয়ে হয়তাে সৌৰজগতৰ অন্য গ্রহ-নক্ষত্ৰৰ তুলনাত আমাৰ পৃথিৱী ব্যতিক্রম। কিয়নাে পৃথিৱী আৰু আকাশৰ মাজত আছে এক সুকীয়া সম্বন্ধ। যিয়ে পৃথিৱীৰ বিচিত্র প্রাণী জগততাে যথেষ্ট প্রভাৱ পেলায়। পৃথিৱী আৰু আকাশৰ সম্পর্ক যেন জীৱ সৃষ্টিৰ অন্তৰালতেই সৃষ্টি হৈছিল। কাৰণ পৃথিৱীত থকা নদ-নদী, সাগৰ-মহাসাগৰ, জলাশয় আদিৰ পৰা পানী ভাপ হৈ আকাশত গৈ ডাৱৰৰ সৃষ্টি হয়। শেষত আকৌ সেই ডাৱৰ পৃথিৱীলৈ বৰষুণ হিচাপে নামি আহে। এয়াই প্রকৃতিৰ নিয়ম। আৰু এই নিয়ম অনাদি কালৰ পৰা বৰ্তমানলৈকে চলিয়ে আছে।

গৱেষণাত প্রমাণিত হৈছে কানাডাৰ এটি সাগৰীয় অঞ্চলত প্রায় ৬০০ ছেমি বৰষুণ হয়। সমুদ্র, ডাৱৰ আৰু সমুদ্রপৃষ্ঠৰ চৌদিশে থকা জলচক্রই এক নিবিড় সম্পর্ক পূর্বৰ পৰাই চলাই আহিছে। বৰষুণ শব্দটো শুনিবলৈ তেনেই সহজ যদিও ইয়াৰ অন্তৰালত বহু ৰহস্য সােমাই আছে। এই বৰষুণ ইমানেই শক্তিশালী যে ই নিমিষতে ৰাজস্থানৰ দৰে কঠিন ঠাইতাে নিজৰ স্থিতি সৱল কৰি তুলিব পাৰে। এক সমীক্ষাত প্রমাণিত হৈছে শুকান বতাহ + বৰষুণ + পানীৰ সৰু টোপালৰ সংমিশ্ৰণতে বৰষুণৰ সৃষ্টি হয়। আমি সকলােৱে জানাে যে পৃথিৱীৰ উপৰি অংশৰ মাত্রা ০° ছেলছিয়াছতকৈয়াে কম। সেয়ে ০° তাপমাত্রাত পানী গােট মাৰে। পৃথিৱীত সঘনে সৃষ্টি হােৱা সমুদ্রপৃষ্ঠৰ টৌ, ৰাজস্থানৰ বালি, বনজুইৰ ধোঁৱা আদি আকাশলৈ সঘনে উৰা মাৰে। প্রতিদিনে ২৭২১ কিল’মাইক্র কণা আকাশলৈ গতি কৰে। গড় হিচাপে চাবলৈ গলে। বছৰি ইয়াৰ ওজন ১০,০০০ টনতকৈয়াে অধিক হয়। এই কণাসমূহৰ উচ্চতা মানুহৰ চুলিৰ উচ্চতাৰ সমান। এই কণাসমূহ আকাশলৈ গৈ ডাৱৰৰ সৈতে পানীলৈ ৰূপান্তিৰিত হয়। শেষত আকৌ সেই পানীয়ে আকাশৰ পৰা পৃথিৱীলৈ বৰষুণৰ আকাৰত নামি আহে। এই বৰষুণেই সমগ্র ব্রহ্মাণ্ডতে এক অপৰূপ জলৰাশিৰ সৃষ্টি কৰে। আকাশলৈ যােৱা কণ কণ ক্ষুদ্র কণিকাই প্রথমাৱস্থাত এখন বৃহৎ কণাৰ জাল সৃষ্টি কৰে। আৰু পর্যায়ক্রমে ই পৃথিৱীলৈ নামি আহে। এই অপৰূপ সৃষ্টি বৰষুণ যে কেৱল ধৰালৈ এক প্ৰকৃতিৰ নিয়ম হিচাপেই নামি আহে তেনে নহয়। ইয়াৰ অন্তৰালতাে আছে বহু ৰহস্য। যি ৰহস্য বৈজ্ঞানিকসকলে পর্যায়ক্রমে ফাদিল কৰিছে।

ইতিমধ্যে কোৱা হৈছে যে পৃথিৱী আৰু মহাকাশৰ মাজত আছে এক নিবিড় সম্পর্ক। যিয়ে পৃথিৱীৰ জীৱকুলৰ ওপৰতাে প্রভাৱ পেলায়। খেতি-বাতিৰ পৰা আদি কৰি জৈৱশৃংখল আদিতাে এই বৰষুণে যথেষ্ট প্রভাৱ পেলায়। ইয়াৰ সমান্তৰালকৈ এই বৰষুণে সৃষ্টি কৰে কিছু জীৱৰ। পৃথিৱীত প্রতিদিনে উষ্ণতা বৃদ্ধি পাই যাৰ ফলত পৃথিৱীৰ বহু বেক্টেৰিয়া ভাপ হৈ আকাশলৈ উৰা মাৰে। পৃথিৱীৰ শুকান ঠাইত প্রায় এক লাখ শুকান জীৱ থাকে। ঠাই অনুসৰি এই বেক্টেৰিয়াৰ মাত্রা বিশ লাখ টনলৈ বৃদ্ধি পায়। এই বেক্টেৰিয়াসমূহৰ ভিতৰত “চি’ৰমনা চিৰেংগে’ অন্যতম। এই বেক্টেৰিয়া অতিকৈ ক্ষুদ্র আৰু ই খেতি আৰু গছত থাকে। এই বেক্টেৰিয়া ইমানেই শক্তিশালী যে যিয়ে গছত থকা ক্ষুদ্র পানীকণাকো অতি কম সময়তে বৰফলৈ ৰূপান্তৰিত কৰে। এই বেক্টেৰিয়াবিধে প্রটিন বিকশিত কৰি পানীকণাক বৰফলৈ ৰূপান্তৰিত কৰিবলৈ বাধ্য কৰে। অৱশেষত এই বেক্টেৰিয়াসমূহ আকাশলৈ উৰা মাৰে। আৰু পিছত পুনৰবাৰ বৰষুণৰ লগত পৃথিৱীত আহি পৰে। ইয়াৰ বাবেই হয়তাে বহুবাৰ আকাশৰ পৰা মাছ, ভেকুলি তথা ভেকুলীৰ কণী আদি পৃথিৱীলৈ সৰি পৰাৰ দৰে বহু ঐতিহাসিক ঘটনা সংঘটিত হৈছিল।

অন্যহাতে আন এটি দিশৰ পৰা চাবলৈ গ’লে আমাৰ শৰীৰটোও অধিকাংশ পানীৰে পৰিপূৰ্ণ। শৰীৰত ৬০%, মগজু ৭০% আৰু হাঁওফঁওত ৯০% পানী থাকে, যাৰ বাবে প্ৰাণীৰ জীৱনচক্র অনাদিকালৰ পৰা এতিয়ালৈকে চলি আছে। পানীৰাে আছে বহু গুণ। পৃথিৱীত থকা পানীয়ে সূৰ্যৰ তাপৰ পৰিমাণ যথেষ্ট কমােৱাৰ লগতে পৃথিৱীখনক নিয়ন্ত্রণ কৰে। যেতিয়া পানী গৰম হৈ থাকে তেতিয়া ই অস্থিৰ অৱস্থাত থাকে। আৰু সেই সময়তে পানীয়ে গেছ বেলুনৰ দৰে ধৰাৰ পৰা পৃথিৱীলৈ উৰা মাৰে। প্রতিবছৰে ৭২৬ ৱাটাৰ মিলিয়ন পানী ভাপ হৈ আকাশলৈ উৰা মাৰে বুলি ইতিমধ্যে এক গৱেষণাত প্রমাণিত হৈছে। এই ভাপে এক সীমা অতিক্রম কৰি সূৰ্যৰ ৰশ্বিক বিকশিত কৰি ডাৱৰৰ সৃষ্টি কৰে। আৰু এই ডাৱৰেই পর্যায়ক্রমে ধৰালৈ নামি আহে। সৌৰজগতত ডাৱৰ সৃষ্টিৰ কথাটো তেনেই সহজ যদিও ইয়াৰ অন্তৰালত কিন্তু নিহিত হৈ আছে বহু ৰহস্য। আৰু এই ৰহস্যই বর্তমান সময়ত উদঘাটন কৰি বৈজ্ঞানিকসকলে আন এক দিগন্ত মুকলি কৰিলে বুলি সকলােৱে মত প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close