অসমশীৰ্ষ

বৰপেটা জিলাত ডালমিয়া চিমেণ্টৰ বান সাহায্য প্ৰদান

ছহিজুল আলী, সৰভোগ

বৰপেটা জিলাৰ কলগাছিয়া, বৰপেটা সদৰ আৰু সৰ্থেবাৰীত ডালমিয়া চিমেণ্ট কোম্পানীৰ একাংশ বিষয়ববীয়া-কৰ্মচাৰীসকলে বানত ক্ষতিগ্ৰস্ত ১০৬০ টা পৰিয়ালক বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ পেকেট আগবঢ়ায়। সেইসমূহৰ ভিতৰত চাউল, দাইল, মিঠাতেল, ক’লগেট, বিস্কুটসহ কেইবাবিধো সামগ্ৰী আছিল। উল্লেখ্য যে, নামনি অসমৰ ভাৰতবৰ্ষৰ আগশাৰীৰ চিমেণ্ট উৎপাদনকাৰী প্ৰতিষ্ঠান ডালমিয়া চিমেণ্ট ভাৰত লিমিটেডে বিভিন্ন সময়ত সামাজিক সেৱা আগবঢ়াই আহিছে। কোম্পানীটোৱে অসম আৰু মেঘালয়ৰ বানপীড়িত লোকসকলৰ সাহায্যাৰ্থে ইতিমধ্যে ৫০ লাখ টকাকৈ ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে। তদুপৰি, মেঘালয়ৰ গাৰোপাহাৰ তথা অসমৰ বৰপেটা, ধুবুৰী আৰু বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত বান সাহায্য প্ৰদান কৰিছে কোম্পানীটোৱে। এইবাৰ বানপানীত বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা নামনি অসমৰ বৰপেটা জিলাৰ কলগাছিয়াৰ কাচুঘাটি চৰ, কাউৰবাহী চৰ , পূৱ বলাইপাথাৰত থকা শিবিৰৰ ৩৬০ টি পৰিয়াল, বৰপেটা টাউনৰ বিলৰটাৰী হাইস্কুল, জীৱনলতা ছোৱালী হাইস্কুল, দলাহাটি প্ৰাথমিক বিদ্যালয়, ইচ্ছাপুৰহাটী প্ৰাথমিক বিদ্যালয়ত থকা শিবিৰৰ ২৫০টি পৰিয়াল আৰু সৰ্থেবাৰীৰ সমীপৰ বৰবিলা গাঁৱত ৪৫০ টি পৰিয়ালৰ মাজত বান সাহায্য বিতৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close