অসমফেশ্বন

বৰপেটাৰোডত চিটি লাইফৰ শ্বপিং মল মুকলি

বৰপেটাৰোড, ভাল খবৰ: দেশৰ ফেশ্যন জগতৰ আগশাৰীৰ শ্বপিং মল চিটি লাইফে  তেওঁলোকৰ ৭৫ সংখ্যক মলটো ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে বৰপেটাৰোডত উদ্বোধন কৰে। ভাগৱত গীতাৰ এফাঁকি শ্লোক আওৰাই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই ৰঙা ফিটা কাটি মলটোৰ শুভ উদ্বোধন কৰে।

বৰপেটাৰোডৰ জৈন মন্দিৰ পথৰ সুৰেশ চৌধুৰী মালিকাধীন বিল্ডিঙত স্থাপন কৰা মলটোৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি বৰপেটাৰোড পৌৰ সভাৰ সভানেত্ৰী সবিতা দেৱনাথে স্মাৰ্ট চিটিলৈ অগ্ৰসৰ হোৱা বৰপেটাৰোডলৈ এই মলটোৱে কিছু হলেওঁ অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰে। এইক্ষেত্ৰত যাতে কোনোধৰণৰ যান জঁটৰ সৃষ্টি নহয় তাৰবাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায়। অনুষ্ঠানত বৰপেটাৰোড পৌৰ সভাৰ উপ-পৌৰপতি ফুলেন দাস, সমাজকৰ্মী প্ৰদীপ দেৱনাথ, বৰপেটাৰোড প্ৰেছ ক্লাবৰ সম্পাদক অলকেশ বায়ন আৰু উপ- সভাপতি অৰূপ বায়ন, চিটি লাইফৰ ক্ষেত্ৰীয় প্ৰৱন্ধক বিকাশ হাদা, প্ৰৱন্ধক নীলাত্ৰী দাস, ষ্টোৰ মেনেজাৰ স্নেহাশীশ দাস প্ৰমুখ্যে ভালেমান বিশিষ্ট লোক উপস্থিত থাকে।

আনহাতে, মলটো উদ্বোধন কৰাৰ পিছতে ক্ৰেতা ৰাইজে বিপুল সঁহাৰি জনোৱাত সন্তোষ প্ৰকাশ কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close