অসম

বৰপেটাত প্ৰধান মন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনি শুভাৰম্ভনি অনুষ্ঠান

মফিদুল হক, বৰপেটা

স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ, অসম আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা ৰাজ্য খনৰ চিকিৎসা খণ্ডত এক নৱতম সংযোজন প্ৰধান মন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ শুভাৰম্ভনি কৰাৰ সময়তে আজি বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত এই আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভনি কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই । শুভাৰম্ভনি সভা খনত মন্ত্ৰী হাজিৰকাই ডায়েলাইচিছ প্ৰক্ৰিয়াটো বহুত খৰচী প্ৰক্ৰিয়া বুলি উল্লেখ কৰে । মাত্ৰ ছয় খন বিছনাৰে আৰম্ভ কৰা বৃক্ক জনিত ৰোগত আক্ৰান্ত লোক সকলে এই আঁচনিৰ অধীনত বিনামূলীয়াকৈ ডায়েলাইচিছ সেৱা গ্ৰহনৰ ব্যৱস্থা কৰিছে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ।  এই অনুষ্ঠানত সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক ৰণজিত দাসেও প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনি সন্দৰ্ভতো ভাষণ ৰাখে । বৰপেটা সদৰ সমষ্টিত বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা,বৰপটা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তীৰ্থ নাথ শৰ্মা,বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, অসম ঔদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, মহাবিদ্যালয় খনৰ অধ্যক্ষ, অন্যান্য বিষয়ববীয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে  ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close