অসমবিশেষশীৰ্ষ

বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথোৱালে

মফিদুল হক ,বৰপেটা

বৰপেটা চহৰত ১১ নৱেম্বৰ অৰ্থাৎ সোমবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথোৱালে ৷ মন্ত্ৰীগৰাকীয়ে প্ৰায় ৯৬ কৌটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগা বৰপেটাৰ পৰা বাঘবৰলৈ যোৱা পথছোৱাৰ আধাৰশিলা স্থাপন কৰে ৷ ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া(এ)ৰ ৰাষ্ট্ৰীয় সভাপতি তথা সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী আথোৱালে দিনৰ প্ৰায় ১২:৩০ বজাত বৰপেটা চহৰত উপস্থিত হৈ বৰপেটাৰ পৰা বাঘবৰলৈ যোৱা পথছোৱা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ পিছতে বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজহৱা সভাত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ, জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম, আৰ পি আইৰ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক(প্ৰশাসন) তথা বৰপেটা জিলা সমিতিৰ সভাপতি ৰেজাউল কৰিম, আৰ পি আইৰ দলৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি ডা: আনোৱাৰ ইছলামৰ লগতে কেইবা গৰাকী নেতা উপস্থিত থাকে। উক্ত সভাত কেন্দ্ৰীয় মন্ত্ৰী আথোৱালেই ভাষণ প্ৰসংগত কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। তেখেতে কয় যে ভাৰতৰ সংবিধানৰ উৰ্ধত কোনো নহয় সংবিধানে সকলোকে সম-অধিকাৰ তথা সম-মৰ্য্যদা প্ৰদান কৰিছে। ভাৰতীয় মুছলমান সকলৰ ভাৰতত পূৰ্ণ অধিকাৰ আছে তথা ভাৰতীয় মুছলমানৰ পক্ষত কোনোবাই বিৰূপ মন্তব্য প্ৰদান কৰিলে আমি ইয়াৰ জোৰদাৰ প্ৰতিবাদ কৰিম। ভাষণ প্ৰসংগত তেওঁ আৰু উল্লেখ কৰে যে, ভাৰত পাকিস্তানৰ যি তিক্ততাপূৰ্ণ সম্পৰ্ক সেয়া অচিৰেই শেষ হ’ব লাগে আৰু মৈত্ৰী স্থাপনৰ বাবে আগবাঢ়ি আহিব লাগে। এই ক্ষেত্ৰত তেখেতে কয় যে, পাকিস্তান অধিকৃত কাশ্মীৰ পাকিস্তানে আলোচনাৰ মাধ্যমেৰে বিনাচৰ্তত এৰি দিব লাগে। কেন্দ্ৰীয় মন্ত্ৰীয়ে সভাখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ বিষয়ে অৱগত কৰে তথা ইয়াৰ সুফল লাভ কৰিবলৈ উপস্থিত জনসাধাৰণক আহ্বান জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close