অসম

বৰপেটাত এ কে ইউনিক প্ৰা: কোম্পানীৰ শুভাৰম্ভ

মফিদুল হক, বৰপেটা

সাম্প্ৰতিক ডিজিটেলৰ যুগত ৰাইজক বিভিন্ন সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে বৰপেটা চহৰত এ কে ইউনিক প্ৰা: কোম্পানীৰ শুভাৰম্ভ কৰা হয় ৷ বৰপেটা গান্ধীনগৰত এই কোম্পানীটো আনুষ্ঠানিকভাবে মুকলি কৰে সমাজকৰ্মী কাজিম উদ্দিনে ৷এই উদ্দেশ্যে এক সভা অনুষ্ঠিত হয় ৷সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি চমু ভাষণ প্ৰদান কৰে বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি পুলেন্দ্ৰ দাসে ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে, সাম্প্ৰতিক ডিজিটেলৰ যুগত প্ৰায় ক্ষেত্ৰতে কম্পিউটাৰ, ইন্টাৰনেট আদিৰ প্ৰয়োজন ৷ ৰাইজক এই সেৱা সমূহ প্ৰদান কৰাৰ লক্ষ্যৰে বৰপেটা চহৰত স্থাপন কৰা এ কে ইউনিক প্ৰা: কোম্পানীটোৱে লক্ষ্য আৰু উদ্দেশ্যত সফল হব বুলি তেওঁ আশা ব্যক্ত কৰে ৷ অনুষ্ঠানত সংবাদকৰ্মী ধীৰাজ পাঠক, ছফিক আহমেদ, মফিদুল হকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি আৰু কোম্পানীটোৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close