অসমবিশেষশীৰ্ষ

বৰপেটাত “অৰণ্য মানৱ” যাদব পায়েং

মফিদুল হক,বৰপেটা 

“ধৰ্ম আৰু ৰাজনীতি, প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল ৷” এই মন্তব্য “অৰণ্য মানৱ”খ্যাত পদ্মশ্ৰী যাদব পায়েঙৰ৷বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ সভাকক্ষত কালি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত অংশ গ্ৰহণ কৰে পদ্মশ্ৰী যাদব পায়েঙে উক্ত মন্তব্য আগবঢ়ায়৷মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ উদ্যোগত অনুষ্ঠিত “মানুহ আৰু পৰিবেশ” শীৰ্ষক বক্তৃতা অনুষ্ঠানত ভাষণ প্ৰদান কৰি পায়েঙে লগতে কয়- ” আমি যি বৃত্তিত জড়িত নহও কিয় প্ৰকৃতিক ভাল পাবই লাগিব ৷” পৰিবেশৰ ভাৰসাম্য বজাই ৰখাৰ বাবে সকলোকে আহ্বান জনায় পায়েঙে৷ এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড: প্ৰকাশ শৰ্মাৰ লগতে অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close