আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

ব্রাজিলৰ চিকিৎসা বিজ্ঞানীৰ অন্যতম সাফল্য

চিকিৎসা বিজ্ঞানত আন এক বৃহৎ সাফল্য। এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ব্রাজিলৰ এদল চিকিৎসা বিজ্ঞানীয়ে।শেহতীয়া তথ্য অনুসৰি এগৰাকী মৃত মহিলাৰ গৰ্ভাশয় আন এগৰাকী মহিলাৰ দেহত সংৰােপণ কৰাৰ পিছতেই মহিলাগৰাকীয়ে এটি সুস্থ সৱল কন্যা সন্তান জন্ম দিয়ে। ইয়াৰ পিছতে এই সফলতাই বিজ্ঞান জগতত অন্য এক বৃহৎ সাফল্যৰ দিগন্তৰ বাট মুকলি কৰে। আৰু এয়াই আছিল স্বাস্থ্য বিজ্ঞানৰ জগতৰ বিশ্বৰ প্রথমটো ঘটনা। এই সফলতা অর্জন কৰে ব্রাজিলত। ইয়াৰ পূর্বে এগৰাকী জীৱিত মহিলাৰ পৰা আন এগৰাকী মহিলাৰ দেহত গর্ভাশয় সংৰােপণ কৰি সফলতা লাভ কৰা হৈছিল। কিন্তু এগৰাকী মৃত মহিলাৰ গৰ্ভাশয় আন এগৰাকী জীৱিত মহিলাৰ দেহত সংৰােপণ কৰি সফলতা লাভ কৰাটো প্রথম ঘটনা। ইয়াৰ পিছতেই এটা কথা স্পষ্ট হ’ল যে এগৰাকী মহিলাৰ মৃত্যু হােৱাৰ পিছত যদিহে গর্ভাশয়টো নি এগৰাকী গৰ্ভধাৰণ কৰিবলৈ অসমর্থ মহিলাৰ গৰ্ভত সংৰােপণ কৰা হয় তেন্তে মহিলাগৰাকীয়ে এই সমস্যাটোৰ পৰা মুক্ত হােৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ফলত এতিয়া একাংশৰ মুখত হাঁহি বিৰিঙি উঠিছে। ইতিমধ্যেই ব্রাজিলৰ এই ঘটনাটোৰ সফলতাই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। শেহতীয়া তথ্য অনুসৰি ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত ছাও পাওলােৰ এখন হাস্পতালত এই গর্ভাশয় সংৰােপণ প্রক্রিয়া সম্পন্ন হৈছিল। আৰু মৃত মহিলাগৰাকীৰ গৰ্ভাশয়টো লাভ কৰা জীৱিত মহিলাগৰাকীয়ে অৱশেষত মাতৃত্বৰ গৌৰৱ অর্জন কৰিবলৈ সক্ষম হয়। ৩২ বছৰীয়া গর্ভাশয়হীন মহিলাগৰাকীৰ দেহত ৪৫ বছৰীয়া মৃত মহিলাগৰাকীৰ গৰ্ভাশয় সংৰােপণ কৰা হৈছিল এক বিশেষ অস্ত্রোপচাৰৰ জৰিয়তে। প্রায় দহ ঘণ্টাজোৰা অস্ত্রোপচাৰৰ অন্তত এই গর্ভাশয় সংৰােপণ কৰা হৈছিল।উল্লেখ্য যে, এই পদ্ধতিয়ে এতিয়া চৌদিশে চর্চা লাভ কৰিছে। ফলত সন্তান জন্ম দিবলৈ অসমর্থ নাৰীসকলেও এক আশাৰ কিৰণ দেখিবলৈ পাইছে। এই পদ্ধতি যদিহে ব্রাজিলৰ সমান্তৰালকৈ সমগ্র বিশ্বতে অৱলম্বন কৰিব পাৰি তেন্তে বহু লােক উপকৃত হ’ব বুলি এক তথ্যত পােহৰলৈ আহিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close