শীৰ্ষসাংস্কৃতিক

ব্যতিক্ৰমী পদ্ধতিৰে অঙ্গাভিনয় অসমৰ সাংস্কৃতিক অনুষ্ঠান

দিব্যজ্যোতি ভূঞা

নগাঁও জিলাৰ পুৰণিগুদামৰ আগশাৰীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান অংগাভিনয় অসমৰ উদ্যোগত আয়োজন কৰা গ্ৰীস্মকালীন নৃত্য কৰ্মশালাখনি ২০ জুলাইত সফল সামৰণি পৰে।সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা কৰ্মশালাখনৰ সাংস্কৃতিক অনুষ্ঠানত যুৱতীসকলৰ এটা দলে কান্ধত ঢোল লৈ প্ৰৰ্দশন কৰা ঢোলবাদনৰ দৃষ্টিনন্দন দৃশ্যই সকলোকে আপ্লুত কৰে।নৱপ্ৰজন্মৰ মাজত সাংস্কৃতিক জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে আয়োজন কৰা কৰ্মশালাখনৰ সামৰণিৰ সাংস্কৃতিক অনুষ্ঠানৰ অন্যান্য কাৰ্যসূচীৰ লগতে যুৱতীৰ দলটোৱে প্ৰদৰ্শন কৰা ঢোলবাদন কাৰ্যসূচীটোৰ স্থানীয় ৰাইজে বিশেষভাৱে শলাগ লয়।উক্ত ঢোলবাদন কাৰ্যসূচীটোত বনশ্ৰী শৰ্মা কলিতা,প্ৰজ্ঞানিকা বৰা,গীতামণি বৰুৱা,বন্দনা কৌশিক,ধৰিত্ৰী বৰা,ত্ৰিদিশা কলিতা,জুৰি বৰা,অনামিকা গায়ন আৰু চন্দনা বৰাই অংশগ্ৰহণ কৰে৷ইয়াৰোপৰি অনু্ষ্ঠানটোত কে’বাটাও ভক্তিমূলক গীত,দেশপ্ৰেমমূলক গীত আৰু আধুনিক গীতত প্ৰশিক্ষাৰ্থীসকলে নৃত্য প্ৰদৰ্শন কৰাৰ লগতে এটি দলীয় বিহু নৃত্যও প্ৰদৰ্শন কৰে।
অংগাভিনয়ৰ মুখ্য পৰিচালিকা বনশ্ৰী শৰ্মা কলিতাৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ লক্ষৰে আয়োজন কৰা কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানটোত অংগাভিনয় অসমৰ শিক্ষক-শিক্ষয়িত্ৰীকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উল্লেখ্য যে, যোৱা ৫ জুলাইৰ পৰা ২০ জুলাইলৈ সৃষ্টিশীল আধুনিক নৃত্য,সত্ৰীয়া নৃত্য আৰু যোগাসনৰ ওপৰত প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে অংগাভিনয় অসমে আয়োজন কৰা কৰ্মশালাখনত ৬০গৰাকীতকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close