চিন্তাজগতমনৰ খবৰশীৰ্ষসৃজন

বৃদ্ধাশ্রম আৰু সংস্কাৰ

চয়নিকা সৃষ্টি বৰা

বর্তমান সময়ত দেখি অহা নতুন ছবিখন হৈছে মাতৃ আৰু বৃদ্ধাশ্রম। আমি কি কৰা উচিত? এজন পুত্র জন্ম হৈ অলপ সুখ দিব এনেধৰণৰ চিন্তাবােৰে আমাৰ গতানুগতিক দিশবােৰত বাৰুকৈয়ে প্রভাৱ পেলাইছে। ২১ শতিকাত আমি খােজ দিছাে যদিও আজিও আমাৰ সমাজে ছােৱালী সন্তানক কিবা এটা কম বুলি ভাবি লৈ মনত বেয়া ভাৱ পুহি থাকে। এনেধৰণৰ মানসিকতাৰ পৰা ওলাই আহিবলৈ অনুৰােধ সকলাে অভিভাৱকলৈ। হিমা দাস ইয়াৰ এক জ্বলন্ত উদাহৰণ। ল’ৰা সন্তান লাভৰ পিছত কিয় যাব লগা হৈ পৰে বৃদ্ধাশ্রমলৈ। গতানুগতিক শিক্ষা আৰু সংস্কাৰৰ পৰা আমাৰ ভৱিষ্যতৰ সপােনবােৰত বাধা আহি পৰে, যাৰ বাবে আজি ক’ৰবাত নহয় ক’ৰবাত এগৰাকী মাতৃয়ে কান্দিছে। কিয় আমি এটি সন্তানক সৰুৰপৰাই সি-তাই দুখ পাব বুলি তাৰ ভল দেখিও আঁতৰি আহাে, সৎ সংস্কাৰৰ আদৰ্শ হ’বলৈ কিয় শিক্ষা দিব নােৱাৰাে। অত্যধিক মৰমৰ কোবাল নদীখনত কিয় আমাৰ সন্তানক বিপ পদলৈ। ঠেলি দিওঁ। এগৰাকী মাতৃ বা এজন পিতৃৰ নিজৰ সন্তানলৈ মৰম যিমান হয়তাে কাৰাে হ’ব নােৱাৰে। কিন্তু তাক বিশেষকৈ সন্তানৰ আগত প্ৰকাশ কৰাতাে উচিত নহয়। সন্তানটিয়ে চল পােৱা কামবােৰৰ পৰা বিৰত হ’ব লাগে আমাৰ অভিভাৱকসকল, সামান্য পৰিমাণে শােষণ হ’ব দিব লাগে শাসনৰ। নিজ স্বাধীনতা দিব লাগে কিন্তু তাৰ উচিত বয়সলৈ অপেক্ষাৰত হ’ব লাগে। মানসিকতা কমাব হ’ল যে ল’ৰা সন্তানে সুখ দিব। এজনী ছােৱালী সন্তানক পঢ়াওঁক তাই ভৱিষ্যতলৈ বেলেগ এখন ঘৰলৈ ওলাই যােৱাৰ পিছতাে আপােনাক বুজি পাব। মই কোৱা নাই যে ল’ৰা সন্তান বেয়া কিন্তু হয়তাে বর্তমান এজনী ছােৱালীতকৈ লৰাক সংস্কাৰ আৰু শ্রদ্ধা শিক্ষা অতিৰিক্ত পৰিমাণে দিয়া উচিত। তেতিয়া বৃদ্ধকালত হয়তাে অভিভাৱকৰ চকুৰ সন্মুখত জিলিকি নুঠে বৃদ্ধাশ্রম শব্দটো। ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ শিক্ষা লােৱা বুলি গৌৰৱৰ মুকুট পিন্ধাতকৈ সংস্কাৰৰ শিক্ষা সন্তানৰ তেজত আছে বুলি গৌৰৱ কৰিবলৈ নিজৰ মন স্থিৰ কৰক। সিহঁতৰ সৰু সৰু দোষবােৰাে আলােচনা পথেৰে লৈ যাওঁক। আওকাণ কৰা মানে চল দিবলৈ শিকা, যাৰ বাবে হয়তাে সমাজত বাৰে বাৰে বৃদ্ধা অৱস্থাৰ শেষ যাত্রা হৈ পৰে বৃদ্ধাশ্রম। আপােনাৰ সন্তান ভৱিষ্যতে কেনে হ’ব সেয়া সম্পূৰ্ণৰূপে আপােনাৰ হাতত। অসমীয়া ক’বলৈ শিকাওঁক আপােনাৰ সন্তানক কাৰণ অসমীয়া ভাষাতে এটা যাদু আছে যি তেওঁলােকক আপােনবােৰৰ লগত পৰস্পৰ বান্ধি ৰাখে। আধ্যাত্মিক, বৌদ্ধিক, শাৰীৰিক, নৈতিক, মানসিক— এই পাঁচবিধ শিক্ষাৰ পৰা সন্তানক সংলগ্ন হৈ উঠিব শিকাওঁক। তেতিয়াহে আপােনাৰ সন্তানে আপােনাক ভৱিষ্যতে ৰক্ষা কৰাৰ বাবে দৃঢ়প্রতিজ্ঞ হ’ব। সত্য বচন কোৱা আৰু মৰমিয়াল হ’বলৈ শিক্ষা দিয়ক। এদিন আপুনি ক’বলৈ বাধ্য হ’ব ‘হয় আমি আটাইতকৈ সুখী পিতৃ-মাতৃ’, জীৱনৰ ৰংবােৰেৰে আবিৰ সানি তােলক। প্রত্যেকজন শিশুক উন্নত সংস্কাৰ আৰু শিক্ষামূলক মতবাদৰে জীৱন গঢ়াৰ হাবিয়াস পূৰণ কৰাটো আমাৰ কৰ্তব্য, বুঢ়ী আইৰ সাধুৰ পৰা আৰম্ভ কৰি প্রান্তিকৰ দৰে আলােচনীসমূহৰ সাৰমূলক দিশবােৰৰ আভাস দিয়াতাে নিজৰ অভ্যাস বুলি ভাবি আগুৱাই যাবলৈ শিকাওঁক। হয়তাে এই প্রচেষ্টাক সকলাে অভিভাৱকে আঁকোৱালি ল’ব।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close