বিজ্ঞান

বিৰল প্ৰজাতিৰ পেংগুইন

এক বিৰল প্রজাতিৰ পেংগুইনৰ সন্ধান পােৱা গৈছে। এই পেংগুইনবিধ মানৱ আকৃতিৰ। এই প্রজাতিবিধ ৫৫ ৰ পৰা ৬০ কোটি বছৰ পুৰণি বুলি ধাৰণা কৰা হৈছে। জার্মানী আৰু নিউজিলেণ্ডৰ বৈজ্ঞানিকৰ এটি দলে চলােৱা সমীক্ষাত এই তথ্য পােহৰলৈ আহিছে। এই বিশেষ পেংগুইনবিধ দীঘলে ১.৬৫ ৰ পৰা ১.৭৭ মিটাৰ আৰু ওজন প্রায় ১০০ কিঃগ্রাম। নিউজিলেণ্ডৰ দক্ষিণ দ্বীপৰ হেম্পডেন সমুদ্র পাৰৰ শিলত এই জীৱাশ্মবিধ উদ্ধাৰ হৈছে। উদ্ধাৰ হােৱা জীৱাশ্মই প্রমাণ কৰিছে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ পেংগুইনৰ ভিতৰৰ এটা এই প্রজাতি আছিল এই পেংগুইন। পেংগুইনবিধৰ তুলনাত বৰ্তমানৰ পেংগুইনসমূহ দীঘলে প্রায় ১.২২ মিটাৰ আৰু ইয়াৰ ওজন প্রায় ২৩ কিলােগ্রাম। শেহতীয়া তথ্য অনুসৰি এই পেংগুইনবিধ ‘কুমী’ নামৰ এবিধ পক্ষীৰ সৈতে সামঞ্জস্য পােৱা গৈছে। এই পক্ষীবিধ দক্ষিণ গােলার্ধৰ এণ্টাকর্টিকা আৰু ইয়াৰ আশে পাশে থকা পক্ষী তথা প্রাণীসমূহৰ তুলনাত বহুগুণে ডাঙৰ আছিল। কিন্তু এই পেংগুইনবিধ ২০ মিলিয়ন বর্ষৰ পূর্বেই এই পৃথিৱীৰ পৰা নােহােৱা হৈ গৈছিল। উল্লেখ্য এন্টার্কটিকাত পূর্বে উদ্ধাৰ হােৱা জীৱাশ্মই এই বিশেষ পেংগুইনবিধৰে ইংগিত বহন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close