বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

বিশ্বৰ বৃহত্তম পৰিয়াল

স্ত্রী ৩৯+ সন্তান ৯৪ + পুত্র-বােৱাৰী ১৪ + নাতিনী ৩৩ + ১ (মুৰব্বী জিউনা চানা) = ১৮১

৭৪ বছৰীয়া এগৰাকী বৃদ্ধ। ঘৰ মিজোৰামত। নাম জিউনা চানা। শেহতীয়াকৈ চৰ্চালৈ আহিছে বৃদ্ধগৰাকী। চৰ্চালৈ অহাৰ কাৰণাে কিন্তু সুকীয়া। কিয়নাে এইগৰাকী বৃদ্ধাৰেই আছে পৃথিৱীৰ বৃহত্তম পৰিয়াল। অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য। ১৯৪৫ চনত মিজোৰামৰ এটি মধ্যবিত্ত পৰিয়ালত জন্মগ্রহণ কৰিছিল জিউনাই। মাত্র সােতৰ বছৰ বয়সতেই পােনপ্ৰথমবাৰৰ বাবে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল যদিও পিছলৈ তেওঁ পর্যায়ক্রমে ঊনচল্লিছ গৰাকী নাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। হয়তাে ইমান সংখ্যক পত্নী কাৰােৱেই নাই। তেওঁ এবছৰত সর্বাধিক দহগৰাকী নাৰীক বিয়া কৰাই বিশ্ব অভিলেখাে গঢ়িছে। বর্তমান ৩৯ গৰাকী পত্নী থকাৰ বিপৰীতে সন্তান আছে ৯৪ গৰাকী। আৰু ১৪ গৰাকী পুত্র-বােৱাৰীৰ বিপৰীতে আছে ৩৩ গৰাকীনাতি। আন এক তথ্যত পােহৰলৈ আহিছে যে জিউনাই প্ৰতিগৰাকী সদস্যৰ সৈতে একেলগে এশটা ঘৰত মিলাপ্ৰীতিৰে বসবাস কৰে। প্ৰতিগৰাকী পত্নীয়ে নিজৰ ল’ৰা-ছােৱালীৰ সৈতে একোটা একোটা নির্দিষ্ট ঘৰত বসবাস কৰে। প্ৰতিগৰাকীৰ শুৱনি কোঠা পৃথক যদিও ৰান্ধনিশাল কিন্তু প্রত্যেকৰে এটাই। অর্থাৎ প্ৰতিগৰাকী লােকৰে প্ৰস্তুত কৰা হয় এটি ৰান্ধনিশালতেই। ঘৰখনত সৰ্বমুঠ সদস্য প্রায় ১৮১ গৰাকী৷ ইয়াৰ অনুপাতে প্রতিসাজত লাগে এশ কেজি চাউল আৰু আলু প্রায় ৭০ কেজি। আৰু যিদিনা মাংস ৰন্ধা হয় সেইদিনা ৬০ কেজি আলু আৰু ৪০টাতকৈও অধিক কুকুৰাৰ প্রয়ােজন হয়। জিউনাৰ প্ৰতিগৰাকী পুত্ৰই খেতি আৰু পশুপালনত ব্যস্ত। সেয়ে খােৱাৰ ক্ষেত্ৰত কোনােদিনেই অভাৱ নহয়। এক সাক্ষাৎকাৰত জিউনাই মন্তব্য কৰে যে তেওঁ পৃথিৱীৰ আটাইতকৈ বৃহৎ পৰিয়ালৰ অধিকাৰী যদিও তেওঁ আৰু পৰিয়ালৰ পৰিসৰ বৃদ্ধি কৰাত মনােযােগ দিছে। তেওঁক চোৱাচিতা কৰিবলৈ পৰিয়ালত এতিয়া বহু লােক আছে। আৰু এয়াই হ’ল চৰম শান্তি। অন্যহাতে পৰিয়ালৰ আন সদস্যসকলৰ বাবে জিউনাই নিজকে পৃথকভাৱে বিদ্যালয় নির্মাণ কৰিছে। য’ত তেওঁৰ ল’ৰা-ছােৱালী আৰু নাতি-নাতিনীসকলে সুন্দৰভাৱে শিক্ষা গ্রহণ কৰি আছে। বিদ্যালয়খনে চৰকাৰৰ পৰাও কিছু অনুদান লাভ কৰিছে। উল্লেখ্য যে পৃথিৱীৰ এই বৃহত্তম পৰিয়ালটোৱে বর্তমান সমগ্র বিশ্ববাসীৰে দৃষ্টি আকর্ষণ কৰাৰ লগতে সমগ্র বিষয়টোৱে চর্চা লাভ কৰিছে বিশ্বত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close