Businessবিশেষশীৰ্ষ

বিশ্বৰ আটাইতকৈ সৰু ম’বাইল

ম’বাইল ফোন নির্মাতা কোম্পানীসমূহে বিভিন্ন সময়ত বৃহৎ ম’বাইল নির্মাণ কৰি আহিছে। তেনে সময়তে জেঠুনকো নামৰ এটা ম’বাইল কোম্পানীয়ে প্রস্তুত কৰি উলিয়াইছে বিশ্বৰ আটাইতকৈ সৰু ম’বাইলটো। ম’বাইলটো দেখি আপােনাৰ এনেকুৱা নালাগিব যে সৰু ফোনটোৱে কল বা এছ এম এছ কৰিব পাৰিব। বুঢ়া আঙুলিটোৰ সমান ডাঙৰ এই ম’বাইলটো। ম’বাইলটো কেৱল সৰুৱেই নহয়। সমানে পাতলাে। এই স্মার্টফোনটো ১.৮২ ইঞ্চিৰ। বেটাৰিৰ ওজন ১৩ গ্রাম। দীঘলে ২১ এম এম। ম’বাইলটোত কিপেইড আৰু স্পিকাৰ আছে। অন্য স্মার্ট ফোনৰ দৰে ২ জি নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব। তিনিদনিলৈ থাকিব বেটাৰি বেকাপ। ১৮০ মিনিটলৈকে একেৰাহে কথা পাতিব পাৰিব। অন্য স্মার্ট ফোনৰ দৰে নেন’ ছিম ব্যৱহাৰ হ’ব ফোনটোত। ফোন বুকত ৩০০নম্বৰ ছেভ কৰিব পাৰিব। ৫০ টাকৈ বেছি লােকৰ সৈতে চাট কৰিব পাৰিব। ফোনত আছে ৩২ জিবি ৰেম আৰু ৩২ জিবি ৰােম। লগতে আছে আছে ইউ এছ বি চার্জাৰ। এতিয়া প্রশ্ন হ’ব বিশ্বৰ আটাতকৈ সৰু ম’বাইলটোৰ দাম কিমান। ৩০ ইউৰাে ভাৰতীয় হিচাপত ২,২৮০ টকা দামত ক্ৰয় কৰিব পাৰিব এই ম’বাইলটো।ইয়াৰ পূর্বেও কোম্পানীটোৱে বিশ্বৰ আটাতকৈ সৰু ম’বাইল তৈয়াৰ কৰি উলিয়াইছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close