আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

বিশ্বৰ আটাইতকৈ দামী গাড়ী

নিলাম অবিহনেই বিক্ৰী কৰা হ’ল বিশ্বৰ আটাইতকৈ দামী গাড়ীখন। গাড়ীখনৰ নাম ১৯৬৩ ফেৰাৰী ২৫০ জি টি অ’ (৪১৫৩ জিটি) ৰেচাৰ। এই গাড়ীখন বিক্ৰী কৰা হৈছে ৭০ কোটি ডলাৰত। যাৰ ভাৰতীয় মূল্য প্রায় ৫৭৪ কোটি টকা। এই গাড়ীখন ক্ৰয় কৰি গীনিজ বুকত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ডেভিড মেকনেইল নামৰ যুক্তৰাষ্ট্ৰৰ এগৰাকী ব্যক্তিয়ে। তেওঁ গাড়ীৰ যন্ত্রাংশ তথা প্রযুক্তি ব্যৱসায়ৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। তেওঁৰ প্রতিষ্ঠানটোৰ নাম ওয়েদাৰটেক। ডেভিড মেকনেইলৰ সৰুৰে পৰা গাড়ীৰ প্রতি তীব্র আকর্ষণ দেখিবলৈ পােৱা গৈছিল। তেওঁৰ ২৫০ জিটিঅ’ৰ সমান্তৰালকৈ বিশ্বৰ বহু জনপ্রিয় গাড়ীৰ লগতে ৮খন ফেৰীও আছে। তেওঁ বিভিন্ন মডেলৰ গাড়ী সংগ্রহ কৰাত পূর্বৰ পৰাই চখ এটি পুহি ৰাখিছে। সেয়ে সময় সুবিধা পালেই তেওঁ চখবােৰ পূৰণ কৰিবলৈ চেষ্টা কৰে। শেহতীয়াকৈ ক্ৰয় কৰা ফেৰী ২৫০ জিটিঅ’ গাড়ীখন ১৯৬৩ চনত নির্মাণ কৰা হৈছিল। সেই সময়ত এনে ধৰণৰ গাড়ী সমগ্র বিশ্বতে মাত্র ৩৬খনহে নিৰ্মাণ কৰা হৈছিল। এই মডেলটিক বিশ্বৰ আটাইতকৈ দুর্লভ তথা চাহিদাসম্পন্ন গাড়ী হিচাপে বিবেচিত হৈছিল। সেয়ে ১৯৬৪ চনত এই মডেলটোক বিশেষ সম্মানাে প্রদান কৰা হৈছিল। উল্লেখ্য যে, ২৫০ জি টি অতি থ্রি লিটাৰ ভি টুয়েলভ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে। যিয়ে মাত্র ৬.১ ছেকেণ্ডত শূন্যৰ পৰা ৬০ মাইল গতি প্রদান কৰে। সেই অনুপাতত এঘণ্টাত সর্বোচ্চ ১৭৪ মাইল গতি প্রদান কৰে উক্ত গাড়ীখনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close