অসমশীৰ্ষ

বিশ্বনাথ জিলাৰ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়ালে হোটেল ৰয়েল পেলেছে

বিশ্বনাথত জিলা প্ৰশাসনে আশ্ৰয় শিৱিৰ পাতি বিশ্বনাথৰ বানাক্ৰান্ত সকলক খাদ্যৰ যোগান ধৰিছে যদিও আশ্ৰয় শিৱিৰত নথকা অতি দৰিদ্ৰ বানাক্ৰান্ত বহু লোকে এতিয়াও চৰকাৰী খাদ্য পোৱা নাই। আনকি নিত্য ব্যৱহাৰ্য বহু সামগ্ৰীও পোৱা নাই এই সকল বানাক্ৰান্তই। যাৰ বাবে এতিয়া মানৱ দৰদী বহু ব্যক্তি তথা বিভিন্ন দল সংগঠন আগবাঢ়ি আহিছে উক্ত বানাক্ৰান্ত সকলক সহায় কৰিবলৈ। এনে ব্যক্তিয়ে খাদ্য- সামগ্ৰীৰ লগতে মহিলা সকলৰ বাবে প্ৰয়োজনীয় চেনিটেৰী নেপকিন যোগান ধৰিছে। বিশ্বনাথৰ হোটেল ৰয়েল পেলেচৰ উদ্যোগত শুক্ৰবাৰে বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰী, খেৰবাৰী আদি অঞ্চলৰ আশ্ৰয় শিৱিৰত নথকা বানাক্ৰান্ত সকলক খাদ্য সামগ্ৰীৰ লগতে মহিলা সকলৰ মাজত চেনিটেৰী নেপকিন বিতৰণ কৰে। বাঘমাৰীৰ এম আৰ এ ছিনিয়ৰ মাদ্ৰাছাত হোটেল ৰয়েল পেলেচৰ স্বতাধীকাৰ জয়ন্ত বৰা উপস্থিত থাকি বানাক্ৰান্ত সকলক ছয়াবিন, বিস্কুতৰ লগতে অতি প্ৰয়োজনীয় ডেটল, ফিনাইল, চাবোন, আঠুৱা, ব্লিচিং পাউদাৰ,ৰ লগতে মহিলা সকলক চেনিটেৰী নেপকিন বিতৰণ কৰে। আনহাতে এনে ধৰণৰ সামগ্ৰী লাভ কৰি আনন্দিত হৈ পৰিছে বানাক্ৰান্ত সকল। চেনিটেৰী নেপকিন তথা ডেটল ফিনাইলৰ দৰে সামগ্ৰী আজিলৈকে পোৱা নাই বুলিও মন্তব্য কৰে বানাক্ৰান্তসকলে। আনহাতে বৃহস্পতি বাৰে এমুঠি খাদ্যৰ যোগান ধৰে বিজেপি দলৰ বাঘমৰা মণ্ডলৰ কৰ্মকৰ্তা সকলে। মণ্ডলটোৰ এই সকল কৰ্মকৰ্তাই নিজা ববীয়াকৈ ক্ৰয় কৰি অনা খাদ্য বানাক্ৰান্ত সকলক বিতৰণ কৰে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close