অসম

বিশ্বনাথ চাৰিআলিৰ বামগাওঁ পথত স্থায়ী তোৰন উদঘাটন

বিশ্বনাথ চাৰিআলি নগৰৰ ৪ নং ৱাৰ্ডৰ অন্তৰ্গত বিশ্বনাথ ঘাট পথৰ পৰা বামগাৱলৈ যোৱা মুক্তিযোদ্ধা নবিন চন্দ্ৰ ভট্টাচাৰ্য পথত একালৰ সু-চিকিৎসক তথা সমাজকৰ্মী মুনি শৰ্মাৰ স্মৃতিত তেওঁৰ জেষ্ঠ পুত্ৰ পুতুল শৰ্মাই নিৰ্মান কৰা স্থায়ি তোৰনখন আনুষ্ঠানিক ভাৱে উদঘাটন কৰে বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ মহকুমা চিকিৎসা বিষয়া ডা° নাৰায়ন চন্দ্ৰ উপাধ্যায়ে। তেওঁ নিজ পিতৃৰ স্মৃতি যুগমীয়া কৰিবলৈ তেওঁৰ পুত্ৰ পুতুল শৰ্মা তথা পৰিয়াল বৰ্গই কৰা মহান কাৰ্যৰ শলাগ লয়। তোৰনখনৰ উদঘাটন কাৰ্যসুচিৰ লগত সংগতি ৰাখি বিশিষ্ট সমাজকৰ্মি তথা অৱসৰ প্ৰাপ্ত শিক্ষক জিতেন ভাগৱতিৰ সভাপতিত্বত এক সভা অনুষ্ঠিত হয়। উক্ত সভাত তোৰন খনৰ দাতা পুতুল শৰ্মাই প্ৰায়ত পিতৃ মুনি শৰ্মাৰ জীৱনৰ ওপৰত এক দীঘলীয়া বক্তৃতা আগবঢ়ায়।অনুষ্ঠানত প্ৰয়াত চিকিৎসক মুনি শৰ্মাৰ বোৱাৰী তথা বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি ৰুলি শৰ্মাই এনে মহান কাৰ্য সমাপন কৰাৰ বাবে পুতুল শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰয়াত চিকিৎসক তথা শহুৰ হিচাপেও মুনি শৰ্মা এগৰাকি মহান ব্যক্তি আছিল বুলি উল্লেখ কৰে পৌৰপতি গৰাকীয়ে। অনুষ্ঠানত ডা° বসন্ত গোস্বামী, প্ৰমোদ কুমাৰ পাঠক, ডা° শৰ্মাৰ কনিষ্ঠ পুত্ৰ তথা শিক্ষক ৰাতুল শৰ্মাই ভাষন প্ৰদান কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close