অসম

বিশ্বনাথ চাৰিআলিৰ কমাৰ গাৱত ১৬৪ বছৰীয়া ঐতিহ্যৰে সমৃদ্ধ ভোজন বিহাৰ নাট মঞ্চায়ন

ৰূপজ্যোতি শইকীয়া

বিশ্বনাথ চাৰিআলিৰ কমাৰ গাৱত বিগত ১৬৪ বছৰ ধৰি এবাৰো যতি নপৰাকৈ মঞ্চস্থ হৈ অহা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱ বিৰচিত ভোজন বিহাৰ নাট ভাগ মঙ্গল বাৰে নিশাও পৰম্পৰাগত ভাৱে মঞ্চস্থ কৰা হয়। মাধৱ দেৱৰ তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি কমাৰগাৱৰ ৰাইজে বিগত দেৰ শতিকা পুৰ্বৰে পৰা নিজস্ব পৰম্পৰাৰে মঞ্চস্থ কৰি অহা নাট ভাগৰ ভাওনাত গাওঁ খনৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেনীৰ লোকেই উবুৰি খাই পৰা পৰিলক্ষিত হয়। ভোজন বিহাৰ নাট খনৰ বাবেই গাওঁ খনৰ পৰা দুৰ দুৰনিলৈ বিয়া হৈ যোৱা ছোৱালী সকলৰ লগতে কৰ্মৰ তাগিদাত স্ব-গৃহৰ পৰা দুৰত থাকিব লগা ব্যক্তি সকলো নিজ গাৱলৈ ঢপলিয়াই অহা পৰিলক্ষিত হয়। প্ৰতিবছৰে নটভাগ মঞ্চস্থ কৰাৰ উপলক্ষে গন্ধৰ্ব কীৰ্ত্তনৰ দিনা গাৱৰ ৰাইজে কাপোৰ কানি তিয়াই স্ব-গৃহ সাৰি-মছি পৰিস্কাৰ কৰাৰ লগতে নিশা সকলো উপবাসে থাকে। পুৰ্বৰ পৰম্পৰাত অলপো হিন-দেৰি নোহোৱাকৈ গাঁওবাসীয়ে কমাৰগাঁও বৰ নামঘৰত মঙ্গল বাৰে পুৱাৰে পৰা মাধৱ দেৱৰ তিৰুভাৱ তিথি পালন কৰাৰ লগতে নিশালৈ ভোজন বিহাৰ নাটভাগৰ ভাওনা মঞ্চস্থ কৰে। কন কন শিশু সকলৰ অভিনয়ৰে প্ৰান পাই উঠা উক্ত ভাওনাই সকলোকে মুগ্ধ কৰে । বুধ আৰু বৃহস্পতি বাৰে নিশা কমাৰগাৱৰ যুৱক সকলৰ দ্বাৰা ত্ৰিশাংগু মুনিৰ বিষ্ণু যজ্ঞ-ত্ৰিবাদ সুৰ বধ নাটৰ ভাওনা মঞ্চস্থ হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close