অসম

বিশ্বনাথ চাৰিআলিত দিন যোৰা কাৰ্যসূচীৰে শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

অসম বৈদিক বৈষ্ণৱ মহাসভাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ উদ্যোগত যোৱা ৮ অক্টোৱৰ তাৰিখে দিনযোৰা কাৰ্যসুচিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭১ সংখ্যক জন্মজয়ন্তি উদযাপন কৰা হয়। পুৱা প্ৰাতঃ প্ৰসংগৰে আৰাম্ভ হোৱা কাৰ্যসুচিৰ অংশ হিচাপে পুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে অনুষ্ঠানটোৰ বিশ্বনাথ জিলা শাখাৰ সভাপতি গোবিন দাসে। ধৰ্মধ্বজা উত্তোলন কৰি দিয়া চমু ভাষনত তেওঁ মহাপুৰুষ জনাৰ বিৰল প্ৰতিভা বিশ্বৰ চুকে কোনে বিয়পি পৰিবলৈ হ’লে প্ৰতিজন অসমীয়া এক হ’ব লাগিব বুলি মন্তব্য কৰে। আঞ্চলিক সমিতিৰ সম্পাদক বিজয় কলিতাই আটধৰা অনুষ্ঠানটোত জিলা সমিতি তথা আঞ্চলিক সমিতিৰ বিষয় ববীয়া ক্ৰমে চাৰু বৰুৱা, বিৰেন বৰুৱা, নানু দাস, তুলু ভূঞা বৰা, মুক্তাৱালা বৰুৱা, গিৰিশ বৰা, উমা গোস্বামী, তোলন দত্ত, অৰুন বৰা,বিপিন দাস প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকে। মধুপুৰ আঞ্চলিক নামঘৰৰ প্ৰাংগনত অনুষ্ঠিত হোৱা গুৰুজয়ন্তীৰ কাৰ্য্যসূচীত আঞ্চলিক সমিতিৰ অন্তৰ্গত প্ৰাথমিক সমুহে অংশগ্ৰহন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close