অসম

বিশ্বনাথৰ পাল্কী ফাউণ্ডেচনৰ আদৰণীয় পদক্ষেপ

ৰূপজ্যোতি শইকীয়া

বিশ্বনাথ চাৰিআলিৰ নৱগঠিত বেচৰকাৰী সংন্থা “পাল্কী ফাউণ্ডেচন” এ বৃহস্পতি বাৰে বিশ্বনাথ চাৰিআলিৰ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভড়ালত  ৰক্ত দান শিবিৰৰ আয়োজন কৰে। শিবিৰৰ আৰম্ভণিতে ৰক্ত ভড়ালৰ পৰিচালক ডাঃ গুঞ্জণ পাঠকক পাল্কী ফাউণ্ডেচনৰ তৰফৰ পৰা  সঞ্চালিকা পাল্কী শইকীয়াই এখন ফুলাম গামোচাৰে অভিনন্দন জনায়। ডাঃ পাঠকে পাল্কী শইকীয়াৰ দৃষ্টিভংগী, সাহস আৰু তেখেতৰ এনে মহান ভৱধাৰাৰ প্ৰশংসা কৰে। যি সময়ত ৰক্ত দান কৰিবলৈ  আমাৰ সমাজত এতিয়াও বহু পুৰুষেও ভয়ৰ সন্মুখীন হৈ আহিছে তেনে সময়তে যুৱতী পাল্কি শইকীয়াই পোন প্ৰথমে নিজৰ ৰক্ত দানেৰে শিবিৰ মুকলি কৰে।উল্লেখ্য যে- বিশ্বনাথ চাৰিআলিৰ নৱপুৰৰ  প্ৰয়াত জীৱন শইকীয়া আৰু জুৰি শইকীয়াৰ ২৪ বছৰীয়া সুপুত্ৰী পাল্কী শইকীয়াই বিগত সময়চোৱাত নিজৰ সুবিধা আৰু সামৰ্থ্য অনুসৰি দুই এটা সমাজ হিতকৰ কাৰ্য্য কৰিবলৈ আগবাঢ়িছিল। বৰ্তমান তেওঁ একক প্ৰচেষ্টাৰে  “পাল্কী ফাউণ্ডেচন”ৰ নামেৰে সামৰ্থ্য অনুসৰি কিছু সামাজিক কাৰ্য্য কৰিবলৈ মন মেলিছে। ১২ জুলাইৰ পৰা চলোৱা বিনামূলীয়া যোগ শিবিৰৰ অন্ত পৰাৰ পিছতেই পাল্কী শইকীয়াই বৃহস্পতি বাৰে একক প্ৰচেষ্টাৰে এই ৰক্তদান শিবিৰ অনুস্থিত কৰে। কম বয়সীয়া পাল্কিৰ এই মহৎ ভাৱধাৰা আদৰণীয়বুলি মন্তব্য কৰিছে বিজ্ঞ সকলে। জানিব পৰা মতে তেখেত বিশ্বনাথ তথা অসমৰ অন্যতম দু সাহসী ক্ৰীড়াৰ সন্থা “নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচন”ৰ সক্ৰীয় সদস্য। ইতিমধ্যে বিভিন্ন দু সাহসী ক্ৰীড়াৰ অভিজ্ঞতা ও অৰ্জন কৰিবলৈ সক্ষম হৈছে।  তেখেত এগৰাকী শৰীৰ চৰ্চাবিদো ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close