অসম

বিশ্বনাথ চাৰিআলিত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্মজয়ন্তী পালন

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক শাখাৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭১ সংখ্যক জন্ম জয়ন্তী মহোৎসৱৰ আজি দ্বিতীয় দিনা সহস্ৰাধিক ভকত বৈষ্ণৱৰ উপস্থিতিয়ে উখলমাখল পৰিৱেশৰ সৃষ্টি কৰে বামগাৱৰ আঞ্চলিক নামঘৰৰ প্ৰাংগণ। পুৱা প্ৰাতঃ প্ৰসংগৰে আৰাম্ভ হোৱা আজিৰ কাৰ্যসূচীৰ অংশ হিছাপে পুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে আঞ্চলিক শাখাৰ সভাপতি পুৰ্ন বৰাই। পৰৱৰ্তি কাৰ্য্যসুচী হিচাপে পুৱা ১০ বজাৰ ভাগৱত শোভাশাত্ৰা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বনাথ জিলা শাখাৰ সভাপতি গিৰিশ বৰাই। তেওঁৰ চমু ভাষনত ত্ৰিহুটৰ ব্ৰাহ্মণ পণ্ডিত জগদিশ মিশ্ৰই কেনেদৰে জগন্নাথ পুৰিৰ পৰা মহাভাগৱত শাস্ত্ৰভাগ আনি মহাপুৰুষ জনাক অৰ্পন কৰিছিল সেই কথা উল্লেখ কৰে। তেওঁ গুৰুজনাৰ একশৰন তত্বক আখৰে আখৰে পালন কৰিবলৈ সংঘৰ প্ৰতিগৰাকী সংগিকে আহ্বান জনায়। অনুষ্ঠানত উপষ্ঠিত থকা বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে একত্ৰিত হৈ অসমীয়া জাতিক শক্তিশালি কৰিবলৈ আহ্বান জনায়। মহাপুৰুষ জনাৰ উদাৰ ধৰ্মনীতি আৰু মতাদৰ্শ বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিগৰাকী ব্যক্তিয়েই নিজকে উৎসৰ্গা কৰিব লাগিব বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে। উল্লেখ্য যে বিশ্বনাথ চাৰিআলিৰ বামগাৱৰ আঞ্চলিক নামঘৰৰ পৰা আৰাম্ভ কৰা এইভাগৱত শোভাযাত্ৰা বিশ্বনাথ চাৰিআলি নগৰ পৰিভ্ৰমন কৰি পুনৰ আঞ্চলিক নামঘৰত সামৰনি পৰে। আজিৰ এই ভাগৱত শোভাযাত্ৰাত সহস্ৰাধিক লোকে অংশগ্ৰহন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close