অসম

বিশ্বনাথত দুদিনীয়া কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ আৰু শিশু, আই মাতৃ, যুৱ সমাৰোহ

ৰূপজ্যোতি শইকীয়া

বিশ্বনাথৰ খৰাশিমলুত অহা ১০ আৰু ১১ অক্টোবৰত বিভিন্ন কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ আৰু শিশু, আই মাতৃ, যুৱ সমাৰোহৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ খৰাশিমলু ( ক) প্ৰাথমিক শাখাৰ আতিথ্য আৰু ভক্তপ্রাণ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে খৰাশিমলু তিনিআলিত অনুষ্ঠিত হবলগীয়া সকলো অনুষ্ঠানেই যাতে সাফল্যমণ্ডিত কৰি তুলিব পাৰে তাৰ বাবে উদ্যোক্তা সকল উঠি পৰি লাগিছে। কাৰ্যসূচী অনুসৰি ১০ অক্টোবৰ দিনা পুৱা ৯বজাত শিশু আই মাতৃ কল্যাণ শাখাৰ কায্যনির্বাহক সভা আৰু ইয়াৰ পিছতে সাংস্কৃতিক শাখাৰ প্ৰতিযোগিতা আৰম্ভ হব। প্ৰতিযোগিতা উদ্বোধন কৰিব আই মাতৃ কল্যাণ শাখাৰ প্রাক্তন সভানেত্ৰী প্রবিণা বৰাই আৰু সভাপতিত্বত কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক সভাপতি ৰসেশ্বৰ খাউণ্ডে। দুপৰীয়া ১ বজাৰ পৰা বাণী বৰকটকীৰ সঞ্চালনাত আৰম্ভ হব প্ৰাথমিক সভানেত্ৰী, সম্পাদিকা সন্মিলন। সন্মিলনখন উদ্বোধন কৰিব ৰুহিনী খাউণ্ড আৰু অতিথি হিচাপে উপস্থিত থাকিব কিৰণ সন্দিকৈয়ে। সন্ধ্যা ৬ বজাত বন্তি প্ৰজ্বলন অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব প্রাক্তণ পৌৰপতি অৰুণা বৰাই। ইফালে ১১ অক্টোবৰত পুৱা ৮ বজাত ধর্মধ্বজা উত্তোলন কৰিব ৰসেশ্বৰ খাউণ্ডে আৰু ইয়াৰ পিছতে উলিয়াব লগীয়া ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিব সৰুৰাম বৰাই। আনহাতে দিনৰ ১১বজাৰ পৰা ৰসেশ্বৰ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত হব ধর্মালোচনী সভা। সভাখন উদ্বোধন কৰিব কুমুদ বৰাই। সভাত তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, ৰিজু তামুলী, কৌশিক বৰা, গিৰীশ বৰা, প্ৰমোদ পাঠক, মুকুট বৰাকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সন্ধ্যা বন্তি প্ৰজ্বলন অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব নগেন বৰুৱাই। নিশা ৮ বজাত পাৰিজাত হৰণ নাট ভাগ মঞ্চস্থ কৰা হব। নাটভাগ উদ্বোধন কৰিব ভবেন বৰাই । অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তা সকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close