অসমবিশেষশীৰ্ষ

বিশ্বনাথত তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ সফল সামৰণি

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে নেমু জাতীয় ফলৰ প্ৰসাৰতাৰ পূৰ্ণ সম্ভাৱনা আছে।নেমু জাতীয় ফলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত আজি কৃষি বিজ্ঞনী সকলে এই অভিমত প্ৰকাশ কৰে। কৰ্মশালাখন যোৱা ১০ জানুৱাৰীৰ পৰা বিশ্বনাথ কৃষি মহাবিদ্যালয় প্ৰাঙ্গনত অনুস্থিত হৈছিল। অসম কৃষি বিশ্ববিদ্যালয়, কেন্দ্ৰীয় কৃষিবিশ্ববিদ্যালয়(ইম্ফল), আৰুআই চি এ আৰ-আৰ চি উত্তৰ পূব ভাৰত মণ্ডলৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাত দেশৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক কৃষকে অংশ গ্ৰহণ কৰে। অনুষ্ঠান ত আদৰণি ভাষণ দি আই চি এ আৰ- চি চি আই আৰৰ সঞ্চালক এম এছ লাদানীয়াই কয় যে ইতিমধ্যে কেন্দ্ৰীয় নেমু জাতীয় ফলৰ গৱেষণা কেন্দ্ৰ (নাগপুৰ) ৰ তত্বাৱধানত এটা নেমু জাতীয় ফলৰ আঞ্চলিক গৱেষণা কেন্দ্ৰ এটা বিশ্বনাথ কৃষি মহাবিদ্যালয় চৌহদত স্থাপন কৰা হৈছে।অসম কৃষি বিশ্ববিদ্যালয়ে এই গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে ৪৩একৰ মাটি লিজত লৈ ইতিমধ্যে কৰ্মত অগ্ৰসৰ হৈছে।এই গৱেষণা কেন্দ্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ২৩টা প্ৰজাতি আৰু ৪৮৯উপ প্ৰজাতিৰ কমলা আৰু নেমু জাতীয় ফলৰ পঞ্জীয়ন হৈছে।এই গৱেষণা কেন্দ্ৰৰ জৰিয়তে অসম আৰু ইয়াৰ কাষৰীয়া ৰাজ্যত কমলা আৰু নেমু খেতিৰ প্ৰসাৰৰ বাবে প্ৰচেষ্টা চলোৱা হব। এই অঞ্চলত উন্নত জলসিঞ্চন পদ্ধতিৰে কমলা আৰু নেমু জাতীয় ফলৰ খেতি কৰাৰ প্ৰচেষ্টা চলোৱা হব বুলিও তেওঁ মন্তব্য কৰে। এই ক্ষেত্ৰত বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে সহযোগ কৰা বুলি মন্তব্য কৰাৰ লগতে কৃষি বিজ্ঞনী আৰু বিশ্বনাথ কৃষি মহাবিদ্যালয় কৰ্তৃপক্ষৰ শলাগ লয়।এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি বিশ্বনাথ জিলাত নেমু জাতীয় খেতিৰ প্ৰসাৰতাৰ বাবে অধিক প্রদর্শন মূলক খেতিৰ ব্যৱস্থা কৰিবৰ বাবে আহ্বান জনায় ।এই নেমু জাতীয় ফলৰ ৰাষ্ট্ৰীয় কৰ্মশালাত দেশৰ ভিন্ন প্ৰান্তৰ লগতে উত্তৰ অসমৰ ওদালগুৰি, শোণিতপুৰ, ধেমাজি, লখিমপুৰ আদি জিলাৰ কৃষকে অংশগ্ৰহণ কৰে।সামৰণি অনুষ্ঠানত ,নতুন দিল্লীৰ উদ্যান শস্য বিভাগৰ বিজ্ঞানী ডঃ ডব্লিউ এছ ঢিলন,মিজোৰামৰ উদ্যান শস্য বিভাগৰ মি:মঙঠিয়াইনা,উদ্যান শস্য বিভাগৰ সঞ্চালক ডঃ আব্দুল জলিল,কৃষি বিজ্ঞনী আই পি সিং, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী ডিন ডঃ আৰ এন বৰ্মন আদিয়ে সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰে।আনহাতে,১০ জানুৱাৰীত এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত আই চি এ আৰ ৰ উপ সঞ্চালক প্ৰধান ড° এ কে সিঙ, পি পি ভি আৰু এফ আৰ এ ৰ অধ্যক্ষ ড° কে ভি প্ৰভু, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কে এম বুজৰবৰুৱা, ভাৰপ্ৰাপ্ত উপাচাৰ্য অশোক ভট্টাচাৰ্য, কৃষি বিজ্ঞানী ডঃ ডব্লিউ এছ ধিলন, ডঃ এম এছ লাদানীয়া, ডঃ বি কে কন্দপাল, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী ডিন ডঃ আৰ এন বৰ্মনৰ লগতে বহুকেইজন আগশাৰীৰ কৃষি বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছিল। কৰ্মশালাত মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, চিকিম, ত্ৰিপুৰা, নাগালেণ্ড আদিৰ উপৰিও উত্তৰ ভাৰত, মধ্য ভাৰতৰ নেমু জাতীয় ফলৰ এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close