অসম

বিশ্বনাথত ডাষ্টবিন স্থাপন আৰু সজাগতা ৰেলী

বিশ্বনাথ চাৰিআলিৰ অগ্ৰনি স্বেচ্চাসেৱী সংস্থা চ’চিয়েল অৰ্গেনাইজেশ্বন ফৰ ৰুৰেল ডেভেলপমেণ্ট ৰ উদ্যোগত সোমবাৰে বিশ্বনাথ চাৰিআলি নগৰৰ উপায়ুক্তৰ কাৰ্যালয়লৈ যোৱা পথৰ দুয়োকাষে, চাৰিআলি উচ্চতৰ বহুমুখী বিদ্যালয় আৰু বিশ্বনাথ চাৰিআলি পৌৰসভা কাৰ্যালয়ৰ সমিপত এলানি প্ৰাকৃতিক সামগ্ৰিৰে নিৰ্মিত ডাষ্টবিন স্থাপন কৰা হয়। সেই উপলক্ষে বিশ্বনাথ চাৰিআলিৰ ত্ৰিমুৰ্তি উদ্যান তথা ক্লক টাৱাৰৰ সমিপত অনুষ্ঠিত হোৱা এখন সজাগতা সভাত উক্ত ডাষ্টবিন সমুহ ৰাইজৰ বাবে আনুষ্ঠানিক ভাৱে উৎসৰ্গা কৰে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি ৰুলী শৰ্মাই। বিশ্বনাথ চাৰিআলি পৌৰসভাৰ অনুমতি সাপেক্ষে নগৰ অঞ্চলত সুদীৰ্ঘকাল সেৱা আগবঢ়াই অহা সংস্থাটোৰ সম্পাদিকা মায়া হাজৰিকাই উক্ত সভাখনত আদৰনী ভাষন আগবঢ়ায়। তেওঁ প্ৰতিগৰাকি নাগৰিককে সচেতন আৰু সজাগ হ’বলৈ আহ্বান জনায়। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰা বিশ্বনাথ জিলাৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ডে স্বেচ্চাসেৱী সংস্থাটোৰ এনে পদক্ষেপৰ শলাগ লোৱাৰ লগতে মহামানৱ মহাত্মা গান্ধিৰ ১৫০ বছৰীয়া জন্ম জয়ন্তিৰ লগত সংগতি ৰাখি বিশ্বনাথ জিলা প্ৰশাসন আৰু বিশ্বনাথ চাৰিআলি পৌৰসভাই আৰাম্ভ কৰিবলৈ ওলোৱা স্বচ্চতা অভিযানত সকলোৰে সহযোগ কামনা কৰে। তেওঁ বিশ্বনাথক এখন নিকা আৰু আৱৰ্জনা মুক্ত নগৰ বুলি উল্লেখ কৰি আগন্তুক সময়ত এই প্ৰচেষ্টা আৰু আগুৱাই নিব লাগিব বুলি মন্তব্য কৰে। সভাত অতিৰিক্ত দণ্ডাধিশ তথা পৌৰসভাৰ কাৰ্যবাহী বিষয়া ত্ৰিলিনা টাইড, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰ প্ৰাপ্ত অভিযন্তা কোষেশ্বৰ বৰা আদিয়ে ভাষন আগবঢ়ায়। ডাষ্টবিন সমুহ ৰাইজৰ বাবে উৎসৰ্গা কৰি প্ৰদান কৰা চমু ভাষনত পৌৰপতি ৰুলী শৰ্মাই প্ৰতিজন নাগৰিক সজাগ আৰু সচেতন হ’লেহে স্বচ্চ ভাৰত মিচনৰ লক্ষ্য আৰু উদ্দেশ্য সফল হ’ব বুলি উল্লেখ কৰে। পৌৰপতি গৰাকিয়ে আৰাম্ভ কৰা গ্ৰীন বিশ্বনাথ- ক্লিন বিশ্বনাথ কাৰ্যসুচীত প্ৰতিগৰাকি নাগৰিকৰ পুৰ্ন সহযোগ কামনা কৰে। অনুষ্ঠানত প্ৰকৃতি প্ৰেমী কুমুদ বৰুৱাই সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে গীতটো পৰিবেশন কৰাৰ লগতে কেইবাটাও মুল্যবান গছৰ পুলি ৰোপন কৰে। সাংবাদিক ভাস্কৰ জ্যোতি বৰাই আটধৰা অনুষ্ঠানটোত স্বেচ্চাসেৱী সংস্থাটোৰ ফালৰ পৰা এটা সমবেত সংগীত আৰু এটা লোকগীত পৰিবেশন কৰে। সভাৰ শেষত স্বেচ্চাসেৱী সংস্থাটোৰ শতাধিক কৰ্মকৰ্তাই বিশ্বনাথ চাৰিআলি নগৰৰ মাজৰে উলিওৱা শৃংখলাবদ্ধ সজাগতা ৰেলীয়ে ৰাইজক আকৰ্ষিত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close