অসমশীৰ্ষ

বিশিষ্ট নাট্যশিল্পী ভৱেন বৰালৈ অসম চৰকাৰৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা

মূখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিব কন্যকা বোৱাকটা উদ্যোগ আৰু বৰপুখুৰী কৃষি পাম,

বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, মঞ্চ প্ৰৱৰ উপাধী খ্যাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাওঁ নিৱাসী ভৱেন বৰাক অহা ১৬ আগষ্টত অসম চৰকাৰে প্ৰদান কৰিব শোণিত কোৱঁৰ গজেন বৰুৱা সোৱঁৰণী বটা ৷ ২০১৬ চনৰ পৰাই অসম চৰকাৰে প্ৰদান কৰি অহা এই বটা এইবেলি ভৱেন বৰাক প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে জামুগুৰিহাটৰ বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৷ ১৯৩২ চনত জন্ম লাভ কৰা ভৱেন বৰা এগৰাকী সুবক্তাৰ উপৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জৰিত হৈ আহিছিল ৷ বাৰেচহৰীয়া ভাওনা, বাপুজী ভৱন নাট্য সমাজ, সঞ্জীৱনী নাট্য সমাজকে ধৰি একাধিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জৰিত ভৱেন বৰা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অবসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক আছিল ৷ জীৱন কালত প্ৰায় দুই শতাধিক নাটকত অভিনয় কৰা তথা নাট্যকাৰ পৰিচালক ভৱেন বৰাক জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত ১৬ আগষ্টত এই বঁটা প্ৰদান কৰিব অসমৰ মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালে ৷ উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ দলে, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ উল্লেখ্যযে উক্ত বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্ব্বে মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালে চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰত কন্যকা গামোছা আৰু জাতীয় সাজপাৰ নামেৰে এটি তাতঁশালৰ উদ্যোগ মুকলি কৰাৰ লগতে চতিয়া সমষ্টিৰ নিবনুৱা যুৱক যুৱতী সকলৰ দ্বাৰা গঠন কৰা দুইহেজাৰ আত্ম সহায়ক গোটৰ সদস্যৰে বৈঠকত মিলিত হব ৷ ইয়াৰোপৰি চতিয়া সমষ্টিৰ উত্তৰ বৰভগীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত বড়ি গাওঁস্থিত বৰপুখুৰী পাৰত ১৬ বিঘা মাটিৰ এটি পুখুৰী সহ ছাগলী, হাহঁ -কুকুৰা, নেমুগছ আৰু নাৰিকল গছৰে পৰিপূৰ্ণ বৰপুখুৰী কৃষি পাম খনিৰ শুভ উদ্ধোধন কৰিব মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close