বিশেষশীৰ্ষস্বাস্থ্য

বিলাহীৰ কেইটামান চমৎকাৰী গুণ

জিন্তি বৈশ্য

শীতৰ পাচলি সমূহৰ ভিতৰত বিলাহী অন্যতম। আঞ্জাৰ সমান্তৰালকৈ কেচাই খাবলৈও ইয়াৰ সোৱাদ সুকীয়া। দেখিলেই খাও খাও লগা এই বিলাহীৰো আছে বহু স্বাস্থ্যসন্মত গুণ । এই সম্পৰ্কে তলত চমু আলোচনা দাঙি ধৰা হল:

বিলাহীত পোৱা যায় প্রচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-বি,ভিটামিন-চি, ভিটামিন-ডি, কেলচিয়াম, আইৰণ, পটেচিয়াম, চালফাৰ ও অন্যান্য খনিজ উপাদান।

বিলাহীত থাকা ভিটামিন-চি য়ে দাঁত মজবুত কৰে আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোগ নিৰাময় কৰে। ইয়ৰোপৰি স্কার্ভিৰোগ নিৰাময় ও শিশুৰ শৰীৰৰ বৃদ্ধিত বিলাহীৰ উপাদান বোৰে সহায় কৰে। নিয়মিত দুই-এটি কৰি বিলাহী খালে ৰক্তশূন্যতা ৰোধ হয়, চাল ও মুখৰ সৌন্দৰ্য্য বৃদ্ধি পায়, চালখন সতেজ, কোমল ও উজ্জ্বল হয়। কোষ্ঠকাঠিন্যতা দূৰ হয়। বিলাহী খালে দৃষ্টিশক্তি ভালে থাকে,কুকৰিকনা ৰোগীৰ বাবে ই বৰ উপকাৰী।ডায়বেটিচত আক্ৰান্ত ৰোগী সকলেও নিয়মিত বিলাহী খোৱাটো ভাল। ই তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। নিয়মিত বিলাহী খালে ৰক্ত সঞ্চালন ভালে থাকে, উচ্চ ৰক্তচাপৰ সম্ভাৱনা বহু কমি আহে, ফলত হৃদৰোগ ও ষ্ট্ৰক হ্রাস পায়।
বিলাহীত পোৱা যায় লাইকোপিন নামৰ শক্তিশালী এন্টিঅক্সিডেন্ট, যিয়ে পুৰুষৰ প্রষ্টেড আৰু উভয় লিংগৰ হাঁও-ফাঁওৰ কেঞ্চাৰ প্রতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close