বিজ্ঞানশীৰ্ষসৃজন

বিদ্যুৎ স্রষ্টা মাইকেল ফেৰাডেৰ কথাৰে

মাইকেল ফেৰাডে বিজ্ঞান জগতৰ এক চিনাকি নাম। অতি দুখীয়া, তথা কিতাপ বন্ধা দোকানত কাম কৰা ল’ৰা মাইকেল ফেৰাডে নিজৰ প্রতিভা আৰু সাধনাৰ বলত চমকপ্রদ আৱিষ্কাৰেৰে বিজ্ঞান জগতত খলকনিৰ সৃষ্টি কৰিছিল। ইংৰাজী ১৭৯১ চনৰ ২২ ছেপ্টেম্বৰত ইংলেণ্ডৰ ছুৰেৰ নেৱিংটন নামৰ এখন গাঁৱত এক দুখীয়া কমাৰৰ ঘৰত মাইকেলৰ জন্ম হয়। জন্মৰে পৰা ফেৰাডেৰ দাৰিদ্ৰৰ লগত নিবিড় পৰিচয় আছিল। তেৰ বছৰ বয়সত তেওঁ কাম বিচাৰি জর্জ ৰিবউ নামৰ এখন কিতাপৰ দোকানত সৰু কাম পায়। তাত তেওঁ বাতৰিকাকত বিলােৱা আৰু কিতাপ বন্ধোৱা কাম কৰিছিল। সেই দোকানতে তেওঁ ‘এন চাইক্ল’পেডিয়া ব্রিটানিকা’নামৰ কিতাপখনৰ বিদ্যুতৰ প্ৰৱন্ধ এটি পঢ়ি বিদ্যুৎ সম্পর্কীয় বহু জ্ঞান লাভ কৰে। ইয়াৰ পিছতেই তেওঁ আজৰি সময়ত বৈদ্যুতিক সা-সৰঞ্জাম যােগাৰ কৰি স্থিৰ বিদ্যুজনক আৰু সৰল ভল্টীয় কোষ সাজি বিদ্যুতৰ দুই-এটা পৰীক্ষাও কৰিব ধৰিলে। বিজ্ঞানৰ কিতাপসমূহ পঢ়ি মাইকেলে ৰসায়ন বিজ্ঞানৰ প্রতি আকর্ষিত হৈছিল। বিজ্ঞানৰ ছবি আঁকা শিকিবলৈ তেওঁ এজন চিত্ৰকৰৰ পৰা কিছু শিক্ষা লাভ কৰিছিল। এদিন এজন গ্রাহকে মি. ডামছে মাইকেলক ৰয়েল ইন্সটিটিউচনত ছাব হ’মফ্রি ডেভিয়ে দিয়া বক্তৃতা শুনিবলৈ সুবিধা কৰি দিছিল। এই বক্তৃতা শুনি তেওঁ বহু প্ৰেৰণা পােৱাৰ লগতে বিজ্ঞানৰ বহু নতুন কৌশল শিকিছিল। ১৮১২ চনত মাইকেলে ২১ বছৰৰ বয়সত পােনপ্রথমে এটি বিজ্ঞানাগাৰত কাম কৰাৰ সুবিধা লাভ কৰে। এয়াই আছিল তেওঁৰ বৈজ্ঞানিক জীৱনৰ আৰম্ভণি। নিজৰ নিষ্ঠা আৰু অধ্যাৱসায়ৰ বলত কিছুদিনৰ ভিতৰতে তেওঁ এজন সহকাৰী গৱেষক হৈ পৰিছিল। ১৮২০ চনত তেওঁ ডেভিৰ সহকাৰী গৱেষক হিচাপে কাম কৰিবলৈ লৈছিল। সেই সময়ছােৱাতে তেওঁ ৰসায়ন বিজ্ঞানৰ বিস্তৰ জ্ঞান আয়ত্ব কৰি লয়। তেওঁ ডেভিৰ লগত ফ্রান্স, ইটালি আৰু ছুইজাৰলেণ্ড ভ্ৰমণ কৰি বিভিন্নজন বিজ্ঞানীৰ সান্নিধ্য লাভেৰে তেওঁ জ্ঞানৰ ভঁৰাল চহকী কৰে। ইংলেণ্ডলৈ ঘূৰি আহি মাইকেলে নিজাকৈ গৱেষণা আৰম্ভ কৰে। তেওঁৰ গৱেষণাই ৰসায়ন, বিদ্যুৎ ৰসায়ন আৰু ধাতুবিদ্যা আদিক সামৰি লয়। তেৱেই প্রথমে তীখা, বেনজিন আদি আৱিষ্কাৰ কৰে। তাৰােপৰি বহুতাে গেছ জুলীয়া কৰা আৰু বিদ্যুৎ বিশ্লেষণৰ নীতি নির্ধাৰণ কৰে।

ইংৰাজী ১৮২১ চনত তেওঁ বিদ্যুৎ আৰু চুম্বকত্বৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা আগবঢ়ায়। সেয়ে তেওঁক ১৮২৪ চনত ৰয়েল ছ’চাইটিৰ এগৰাকী সভ্য হিচাপে নির্বাচিত হয়। আনফালে ১৮২৬ চনত তেওঁ ৰয়েল ইন্সটিটিউচন পৰীক্ষাগাৰটোৰ অধিকর্তা পদত নিযুক্ত হয়। ইংৰাজী ১৮৩১ চনত মাইকেলে আৱিষ্কাৰ কৰিছিল বিদ্যুৎ চুম্বকীয় আৱেশ সূত্র। ইয়াৰ উপৰি তেওঁ বিদ্যুতৰ ৰসায়নৰ দুটা সূত্ৰ আগবঢ়ায় বিজ্ঞান জগতত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়।

কেৱল বিজ্ঞানীয়ে নহয়, শিক্ষক আৰু বক্তা হিচাপেও মাইকেল ফেৰাডেৰ নাম আছিল। তেওঁ আছিল নির্লোভ ব্যক্তি। ব্যক্তিগত লাভৰ প্রতি তেওঁৰ অকনাে ইচ্ছা নাছিল। যেতিয়া তেওঁৰ কোনাে আৱিষ্কাৰে ব্যৱসায়িক দিশ দেখুৱাইছিল তেতিয়াই তেওঁ সেই আৱিষ্কাৰৰ ফালে মন নিদি নতুন গৱেষণাৰ কাম হাতত লৈছিল।। | প্রায় দুকুৰি বছৰ মাইকেল ফেৰাডে ৰয়েলত কটাইছিল। লাহে লাহে তেওঁ বার্ধক্যৰ গৰাহত সােমাই পৰে। মহাৰাণী ভিক্টোৰিয়াই তেওঁৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে এটি ঘৰ উপহাৰ দিয়ে আৰু নাইটো’ পাতিব বিচাৰিছিল। মাইকেলে কৃতজ্ঞতাসহ ঘৰটো পালে যদিও ‘নাইট’ উপাধিটো গ্রহণ নকৰিলে। আনহাতে ৰয়েল ছ’ছাইটিৰ সভাপতি পদো গ্রহণ নকৰিলে। | ইংৰাজী ১৮৬৭ চনৰ ২৫ আগষ্টৰ দিনা লণ্ডনত এইগৰাকী মহান বৈজ্ঞানিকে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ছয়সত্তৰ বছৰ। তেওঁ সু-শৰীৰে আমাৰ মাজত নাই যদিও তেওঁৰ আৱিষ্কাৰে হয়তাে তেওঁক বিজ্ঞানৰ জগতখনত জিলিকাই ৰাখিব। আজিৰ দিনৰ সমস্ত বৈদ্যুতিক উদ্যোগ মাইকেল ফেৰাডেৰ উদ্ভাৱনৰ ভিত্তিতে গঢ় লৈ উঠিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close