
বিভিন্ন সময়ত বিভিন্ন দল-সংগঠনে আৰক্ষী থানা ঘেৰাও কৰাৰ কথা হয়তাে নিশ্চয় শুনিছে। কিন্তু কপিকুলৰ থানা ঘেৰাওৰ কথা শুনিছেনে? হয়তাে আচৰিত হৈছে। নহবইনাে কিয়! এয়া জানাে সম্ভৱ! কিন্তু আজি আমি এই অসম্ভৱকো সম্ভৱ কৰি তুলিম। কাৰণ এই অবিশ্বাস্য ঘটনাটো সংঘটিত হৈছে যশােৰ চহৰৰ কেশৱপুৰ থানাত। তথ্য অনুসৰি সেই অঞ্চলত কপিকুলৰ উপদ্ৰৱ যথেষ্ট বেছি। এক বিশেষ প্রজাতিৰ বাৰে সেই অঞ্চলত যথেষ্ট উপদ্ৰৱ চলােৱাৰ তথ্য পূর্বতেও বহুবাৰ পােহৰলৈ আহিছিল। পাঁচ শতাধিক বান্দৰৰ খােৱাৰ বাবদ প্রতিদিনে বন বিভাগৰ তৰফৰ পৰা আহে মাত্র ৩৫ কিলােগ্রাম কল, দুই কিলােগ্রাম বাদাম আৰু ২ কিলােগ্রাম পাউৰুটি। সি প্রয়ােজনতকৈ যথেষ্ট নগন্য। সেয়ে খাদ্য খাবলৈ নাপাই এই বিশেষ প্রজাতিৰ বান্দৰবােৰে মানুহৰ বসতিস্থল, কার্যালয় আদিত নিতৌ উপদ্ৰৱ চলায়। সেয়ে কোনাে লােকে এই বান্দৰৰ এটি পােৱালিক মাৰােতেই আঘাতপ্রাপ্ত হয়। বান্দৰ যিহেতু অত্যন্ত স্পর্শকাতৰ প্রাণী। সিহঁতৰ ওপৰত কোনােবাই আক্রমণ চলালেই সিহঁতে দলবদ্ধভাৱে সেই ঠাইত উপস্থিত হয়।
সেই একেই পন্থা অৱলম্বন কৰিয়েই আঘাতপ্রাপ্ত পােৱালি লৈ থানাত উপস্থিত হয় মাতৃ। মাতৃৰ অভিযােগ পােৱালিটোক কোনােৱে মাৰি আঘাত কৰিছে। ইয়াৰ উচিত বিচাৰ লাগে। ইয়াৰ পাছতেই থানাত উপস্থিত হয় প্রায় ২০-২৫ টা বান্দৰৰ দল। কিছু সংখ্যক থানাৰ গেটৰ ওচৰত আৰু কিছু সংখ্যক থানাৰ ভিতৰত। উদ্দেশ্য এটাই বিচাৰ লাগে অর্থাৎন্যায় লাগে। থানা কর্তৃপক্ষই প্রথমাৱস্থাত সিহঁতক খােৱা বস্তুৰে শান্ত কৰিবলৈ চেষ্টা কৰে যদিও সিহঁত শান্ত নহয়। অৱশেষত আৰক্ষী অধীক্ষকে বিষয়টোৰ ওপৰত তদন্ত কৰি দোষীক শাস্তি প্রদান কৰিব বুলি আশ্বাস প্রদান কৰাৰ পিছতেই বান্দৰৰ দলটোৱে থানা ঘেৰাও কাৰ্যসূচী ত্যাগ কৰি সেই এলেকা ত্যাগ কৰে। এই দৃশ্যই সকলােকে আচৰিত কৰি তােলে। কিন্তু এটা কথা স্পষ্ট হৈ পৰে যে এই কপিকুলৰাে আৰক্ষীৰ প্রতি আছে অশেষ আস্থা। সেয়ে গােচৰ লৈ প্রথমেই উপস্থিত আৰক্ষী চকীত। ইয়াৰ পৰা এটা কথা স্পষ্ট যে কপিকুলৰ জ্ঞানৰ ভৰালাে অসীম। কাৰণ যিয়ে নহওক কিয় এনেবােৰ ঘটনাই জনমানসত যথেষ্ট আমােদ প্রদান কৰে। ছ’চিয়েল মিডিয়াতাে তীব্র গতিত ভাইৰেল হয় এই বিষয়টো। বহুতাে হাস্যকৰ, আশ্চৰ্যকৰ লাইক, কমেণ্টেৰে উপচাই পেলায় এই প’ষ্টটো । উল্লেখ্য যে এই ঘটনাটোৱে বর্তমান সময়ত ছ’চিয়েল মিডিয়াৰ লগতে সমগ্র বিশ্ববাসীৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।