অসমফেশ্বনবিনোদনশীৰ্ষ

বস্ত্ৰনগৰী শুৱালকুছিত সৌন্দৰ্য প্ৰতিযোগিতা

বস্ত্ৰনগৰী শুৱালকুছিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল সৌন্দৰ্য প্ৰতিযোগিতা । ষ্টাৰ ক্ৰিয়েচনৰ উদ্যোগত স্থানীয় শ্ৰীমন্ত শংকৰ নাট্য ঘৰত আয়োজিত উক্ত প্ৰতিযোগিতাখন যোৱা ১৪ জুলাইত অনুষ্ঠিত হয় । উদ্যোক্তা সমিতিয়ে এক সংবাদমেলত জনোৱা অনুসৰি সৌন্দৰ্য প্ৰতিযোগিতাখন ৪ টা শাখাত অনুষ্ঠিত হয় । ক্ৰমে মিষ্টাৰ, মিছ, মিছেছ আৰু কিডছ শাখাত অংশগ্ৰহণকাৰীসকললৈ যোৱা ১১, ১২ আৰু ১৩ জুলাইত বিশেষ প্ৰশিক্ষণৰ লগতে প্ৰাথমিক পৰ্যায়ৰ প্ৰতিযোগিতাও হয় । ১৪ জুলাইত চূড়ান্ত প্ৰতিযোগিতাৰ প্ৰতিটো শাখাৰ শ্ৰেষ্ঠ ৩ গৰাকীয়ে বিশেষ পুৰস্কাৰ লাভ কৰাৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লোৱাৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দিয়ে । প্ৰতিযোগিতাৰ অতিথি হিচাপে অভিনেত্ৰী ফেইৰী প্ৰিয়া আহমেদ, মডেলাৰ কৰিশ্মা হাজৰিকা, চিনেমা পৰিচালক অতনু কাশ্যপ, ফেশ্বন ডিজাইনাৰ গীতু চেতিয়া আদি উপস্থিত থাকে । উদ্যোক্তা সমিতিৰ অন্যতম কবিতা ভৰালী, কৰিঅ’ গ্ৰাফাৰ প্ৰিয়াংশু শৰ্মা, ডিজাইনাৰ চুমি ডেকাই সংবাদমেলত উপস্থিত থাকি সৌন্দৰ্য প্ৰতিযোগিতাত আধুনিক আৰু মাৰ্জিত সাজপাৰ দুয়োটাৰে সমাহাৰ থাকিব বুলি সংবাদ মাধ্যমক জনায় । উক্ত সৌন্দৰ্য প্ৰতিযোগিতাত ক্ৰমে মিষ্টাৰৰ খিতাপ বিপ্লৱ দাস, কিডছৰ খিতাপ কামাক্সি দাস, মিচৰ খিতাপ অৰ্চনা বৰদলৈ আৰু মিচেছৰ খিতাপ পঞ্চি কলিতাই লাভ কৰে । এই প্ৰতিযোগিতাত বিশেষভাৱে সহায়-সহযোগ কৰে হৃদয় আলোচনীৰ সমন্বয়ক মাধূৰ্য্য শৰ্মাই ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close