অসমবিশেষ

বসন্ত

ইন্দ্ৰাণী কলিতা:

জীণ যোৱা মাটিৰ শুকান গোন্ধবোৰে
মোক শুবলৈ নিদিয়ে ৰাতি ৰাতি

কিজানিবা ৰৈ থাকো বসন্তৰ প্ৰথমজাক বৰুষুণলৈ,
কিজানিবা ৰৈ থাকো নিজৰ অজ্ঞাত সাৰে
বুকু জুৰ পেলোৱা কুলিজনীৰ মাত এটালৈ!!

ফাগুণৰ ধূলিবোৰত চেষ্টা কৰিছোঁ
বুকু দহি নিয়া স্মৃতিবোৰ উৰুৱাই দিবলৈ
শুকান ওঁঠত কেৱল বসন্তৰ নিস্পাপ প্ৰাৰ্থনা।

হাতৰ মুঠিত শীতল আবেশ,
দুচকুত এখন সেউজ পৃথিৱী গঢ়ি তোলাৰ
আমৃত্যু যাত্ৰা তোমাৰ পৰা মোলৈ!!

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close