বিনোদনৰাষ্ট্ৰীয়

বলিউডত ব্ৰাজিলৰ অভিনেত্ৰী

বলিউডী অনুৰাগীলৈ আন এক সু খবৰ। পুনৰ বি টাউনলৈ আহিছে আন এগৰাকী বিদেশী আভিনেত্ৰী। নাম নাথালিয়া কৌৰ। ব্ৰাজিলৰ ৰিঅ’ দি জেনেৰিঅ’ত জন্মগ্ৰহণ কৰা অভিনেত্ৰীগৰাকীক এইবাৰ “জিছ্ম-৩” ছবিখনত দেখা পোৱা যাব। ছবিখনৰ বাবে ইতিমধ্যে যাৱতীয় কাম কাজ অব্যাহত ৰাখিছে নাথালিয়াই। ২৮ বছৰীয়া সুন্দৰী গৰাকীৰ আগমনে বি টাউনত এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

অৱশ্যে বলিউডত নাথালিয়াৰ এয়াই প্ৰথম ছবি নহয়। ইয়াৰ পূৰ্বেও ২০১২ বৰ্ষত ডিপাৰ্টমেন্ট ছবিখনত এক আইটেম গাৰ্লত অভিনয় কৰিছিল নিউ জেনেৰেছনৰ অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে বৰ্তমানলৈকে বলিউডী চিনেমাত মুখ্য চৰিত্ৰত অভিনয় কৰা নাই নাথালিয়াই। আনহাতে ২০১৬ চনতো ৰকী হেন্ডচাম ছবিখনত সহ অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়ন কৰিছিল নাথালিয়াই। শেহতীয়াকৈ জিছ্ম-৩ ৰ উপৰি গানছ অব বেনাৰছ ছবিখনতো মুখ্য চৰিত্ৰত দেখা পোৱা যাব অভিনেত্ৰী গৰাকীক। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও অভিনেত্ৰীগৰাকীয়ে কানাড়া, তামিল, তেলেগু ছবিত আকৰ্ষণীয় অভিনয়ৰে সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close