চলচ্চিত্ৰজগতবিশেষশীৰ্ষসাংস্কৃতিক

বলিউডত বিগবিৰ ৫০টা বছৰ

ইণ্ডিয়ান ফিল্ম ইন্ডাষ্ট্ৰিত ৫০ বছৰ সম্পুর্ণ কৰিলে অমিতাভ বচ্চনে। তেখেতে ১৯৬৯ চনৰ ৭ নৱেম্বৰ তাৰিখে ‘সাত হিন্দুস্তানী’ নামৰ চিনেমা খনৰ জৰিয়তে ছবি জগতত প্ৰৱেশ কৰিছিল। আৰু তেতিয়াৰে পৰা বলিউডত তেওঁৰ জয়যাত্রা অব্যাহত আছে। বৰ্তমানলৈকে তেওঁ প্ৰায় ২০০খনৰো অধিক ছবিত অভিনয় কৰি অনুৰাগীৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।আৰু আজিৰ তেওঁৰ এই বিশেষ দিনটোত অনুৰাগীসকলে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁৰ এই জয়যাত্ৰাই ৫০ নহয় ৫০০০টা বসন্ত অতিক্ৰম কৰক এয়াই প্ৰতিগৰাকী অনুৰাগীৰে কাম্য। এই বিশেষ দিনটোত শুভেচ্ছা জ্ঞাপন কৰা প্ৰতিগৰাকী অনুৰাগীকে তেওঁ এটি পষ্টৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close