অসমক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

বর্ষাপাৰাত আইপিএল

বিশ্বজুৰি ক্ৰিকেটৰ উন্মাদনা বৃদ্ধি পােৱাৰ সময়তেই নতুন ৰূপত সাজু হৈ উঠিছে গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়াম। দেশৰ ক্রিকেট মানচিত্রত বিশেষভাৱে স্থান লাভ কৰিছে বর্ষাপাৰাই। কেৱল যে দেশৰ মানচিত্রতে ইয়াৰ গতিধাৰা সমাপ্ত হ’ব তেনে নহয়। বিশ্বৰ ভিন্ন দেশৰ কুৰি গৰাকী খেলুৱৈৰ ভৰিৰ খােজ পৰিব বর্ষাপাৰাৰ দুবৰিত। নিয়ৰৰ সেমেকা গধূলি জীপাল হৈ পৰিব বর্ষাপাৰাৰ সৌন্দর্যময়ী ষ্টেডিয়ামখন। কাৰণ দেশৰ হাইভল্টেজ ইণ্ডিয়ান ছুপাৰ লীগত চমুকৈ আইপিএল ২০২০ ক্রিকেট সংস্কৰণৰ তিনিখনকৈ মেচ অনুষ্ঠিত হ’ব বর্ষাপাৰাত। ইতিমধ্যে অসম ক্রিকেট সন্থাই এই কথা আনুষ্ঠানিকভাৱে ঘােষণা কৰিছে। তদুপৰি ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰ বর্ষাপাৰা। ষ্টেডিয়াম পর্যৱেক্ষণ কৰি অসমত ক্রিকেট একাডেমী গঢ়ি তােলাৰ কথাও অনুষ্টুপীয়াকৈ ঘােষণা কৰে। মুঠতে শীতৰ সেমেকা গধূলিত বর্ষাপাৰাত হ’ব নতুন দিগন্তৰ সূচনা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close