অসমভাল খবৰশীৰ্ষ

বনৰ ৰজা বাঘেও বুজি পায় বিপদৰ সময়ত মানুহে সহায় কৰিব

বানৰ সময়ত কাজিৰঙাৰ এখন বিশেষ ফটোৱে দিছে বিশেষ বাৰ্তা

১৮ জুলাইৰ পুৱাতেই বাগৰি বনাঞ্চলৰ দাঁতিকাষৰীয়া হাৰমতি অঞ্চললৈ ওলায় আহে এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘ ৷ স্থানীয় ৰাইজে  চিঞৰবাখৰ কৰাত  বাঘটো সেই ঠাইৰ পৰা আতৰি আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত মতিলাল ওৰফে ৰফিকুল ইছলামৰ ভঙা লোহাৰ- প্লাষ্টিকৰ দোকানৰ টিনৰ চাৰিবেৰাৰ মাজত প্ৰৱেশ কৰে । ইপিনে, সেই সময়তে মতিলালে নিজৰ দোকানৰ প্ৰকাণ্ড টিনৰ গেটখন খুলিবলৈ লওঁতেই প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘটোৰ সৈতে মুখামুখি হয় ৷ অৱশ্যে, ভাগৰুৱা ঢেঁকীয়াপতীয়া বাঘটোৱে মতিলালক আক্ৰমণ নকৰি তেওঁৰ দোকানৰ ভিতৰত প্ৰৱেশ কৰে ৷ ইপিনে, প্ৰকাণ্ড বাঘটো চকুৰ সন্মুখতে দেখাপায় মতিলাল কিংকৰ্তব্যবিমূঢ় হৈ পৰে আৰু নিজৰ জীৱনটো বচাবলৈ লগে-লগে সেই স্থানৰ পৰা পলায় পতং দিয়ে ৷ ঢেঁকীয়াপতীয়া বাঘটোৱে দোকানৰ ভিতৰত প্ৰৱেশ কৰিয়েই মতিলালৰ বিচনাত উঠে আৰু সুখনিদ্ৰাত মগ্ন হৈ পৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close