ভাল খবৰৰাষ্ট্ৰীয়শীৰ্ষ

বন্ধ নহয় BSNL

শেহতীয়াকৈ দেশ তথা ৰাজ্যজুৰি বি এছ এন এল আৰু এম টি এন এল বন্ধ হ’ব বুলি চলি থকা বাতৰিক সম্পূৰ্ণৰূপে ভুৱা আখ্যা দিছে বি এছ এন এলৰ অসম চাৰ্কোলৰ মুখ্য মহাপ্ৰবন্ধক সন্দীপ গোভিলে। ১১ অক্টোবৰত  পাণবজাৰস্থিত বি এছ এন এলৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কেন্দ্ৰীয় চৰকাৰে বি এছ এন এল আৰু এম টি এন এল বন্ধ নকৰে বুলি স্পষ্ট কৰি দিছে। এই সন্দৰ্ভত সন্দীপ গোভিলে কয় যে শেহতীয়াভাৱে ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু এম টি এন এলৰ বিৰুদ্ধে ঋণাত্মক প্ৰচাৰ অব্যাহত আছে।

বি এছ এন এল বিগত কেইদিনমান ধৰি বৃহৎ লোকচানৰ সন্মুখীন হৈছে যদিও কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে বি এছ এন এল আৰু এম টি এন এল বন্ধ কৰাৰ চিন্তা কৰা নাই। লোকচানৰ সন্মুখীন হ’লেও বি এছ এন এলে অসম চৰকাৰৰ সৈতে শেহতীয়াকৈ এক চুক্তি স্বাক্ষৰিত কৰিছে। অসম চৰকাৰৰ সৈতে ২৫ কোটিৰ চুক্তিত স্বাক্ষৰ কৰিছে বি এছ এন এলে। ইয়াৰ যোগেদি ৰাজ্যখনত ৭৭টা ডিজিটেল সেৱা কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বি এছ এন এলৰ তৰফৰ পৰা। কাৰ্বি আংলং আৰু ডিমা হাছাওৰ অধিকাংশ ডিজিটেল সেৱা কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰিছে বি এছ এন এলে। এনে অৱস্থাত বি এছ এন এল বন্ধ হোৱাটো সম্পূৰ্ণৰূপে অসত্য বাতৰি বুলি উল্লেখ কৰে অসম চাৰ্কোলৰ মুখ্য মহাপ্ৰবন্ধকগৰাকীয়ে । আনহাতে অসমৰ ১৮টা স্থানত শেহতীয়াকৈ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ তৰফৰ পৰা ৪-জি সেৱা প্ৰদান কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close