
মানুহ এবিধ সংগপ্রিয় প্রাণী। সংগপ্রিয়তা মানুহৰ এক সহজাত প্রবৃত্তি। সকলাে মানুহেই বিচাৰে জীৱনৰ সুখ, দুখ, হর্ষ, বিষাদৰ সমভাগি হৈ জীৱনৰ সাহস দিব পৰা এজন ব্যক্তিৰ। আৰু এই ধাৰণাৰ পৰিণতিত জন্ম হয় এক মধুৰ সম্পৰ্কৰ, যাক কোৱা হয় বন্ধুত্ব। তেজ-মঙহৰ সম্পৰ্কৰ বাহিৰত ব্যক্তি বিশেষ মাজত গঢ়ি উঠা ই এক আৱেগিক বান্ধোন। বন্ধুত্বই কোনাে জাতি নামানে, নামানে ধর্ম, বন্ধুত্বই নামানে বয়সৰ পৰিধি, ই গঢ়ি উঠে বিশ্বাসৰ ওপৰত। ইজনে আনজনৰ ওপৰত কৰা গভীৰ বিশ্বাসে গঢ় দিয়ে নিস্বার্থ তথা অকৃত্রিম বন্ধুত্বৰ।। | পৃথিৱীত হয়তাে এনে মানুহ নােলাব যিয়ে এক মুহূর্তৰ কাৰণেও বন্ধুৰ প্রয়ােজন অনুভৱ কৰা নাই। মানুহৰ জীৱনত এনে বহু গােপন কথা থাকে যি মা, দেউতা কাৰাে আগতেই প্ৰকাশ কৰিব নােৱাৰে। যাৰ ভাগ পায় মাথোঁ কেৱল বন্ধুৱে, বুকুৰ মাজত ঢাকি ৰখা সকলাে হৃদয়ৰ গােপন কথা প্রাণখুলি ক’ব পাৰি, পাব পাৰি এক বিশাল মানসিক প্রশান্তি। জীৱন বাটত এনেকুৱা বন্ধুৰ প্রয়ােজন নুই কৰিব নােৱাৰি, যিয়ে ঘূৰাই আনিব পাৰে সময়ৰ গতিত হেৰাই যােৱা হাঁহিখিনি আৰু দিব পাৰে সুখৰ সন্ধান। তেওঁলােক সঁচাকৈয়ে বৰ ভাগ্যৱান যিয়ে বন্ধুত্বৰ এনাজৰীত বান্ধ খাই আছে।। | বন্ধুত্ব। সঁচাকৈয়ে জীৱনৰ এক মধুৰতম উপলব্ধি। বন্ধুত্বহীন জীৱন নিৰস তথা বৰণহীন। বন্ধুত্ব সম্পর্কে ছক্ৰেটিছে কৈছিল বন্ধুত্বৰ পিনে লাহে লাহে আগুৱাবা। এবাৰ বন্ধুত্ব গঢ়িলে তাত অবিচল, দৃঢ় আৰু স্থায়ী হৈ ৰ’বা’। জীৱন বাটত বন্ধুৰ ভূমিকা স্বীকাৰ কৰি ১৯৩৫ চনৰ পৰা আমেৰিকানসকলে আগষ্ট মাহৰ প্রথম দেওবাৰটো ৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। পৰৱৰ্তী সময়ত ই আমেৰিকাৰ এটা জনপ্রিয় উৎসৱ হৈ পৰে। বর্তমান পৃথিৱীৰ বিভিন্ন দেশৰ লগতে ভাৰততাে বন্ধুত্ব দিৱস উদ্যাপন কৰা হয়। বিশেষকৈ যুৱচামৰ মাজত এই দিৱসৰ ব্যাপক উচাহ পৰিলক্ষি ই দিনটোত এজন বন্ধৱে আনজন বন্ধৰ হাতত বন্ধত্বৰ চিন স্বৰূপে সুতা বান্ধে। ই সমাজৰ বাবে অশুভ বার্তা নহয়। ইয়াৰ যােগেদি এক বন্ধুত্বপূর্ণ মনােভাৱ সৃষ্টি হ’ব।
অৱশ্যে ইয়াৰ বিপৰীত নােহােৱা নহয় কিছুসংখ্যক ল’ৰা-ছােৱালী বন্ধুত্ব দিৱস উদ্যাপনৰ বাবে হােটেল, ৰেষ্টোৰা, বাৰ আদিত গৈ নানা উৎপাত কৰা দেখা যায়। ইমুঠেও গ্রহণযােগ্য নহয়। আচলতে বন্ধুৰ লগত মাজনিশালৈ ঘূৰি ফুৰি প্রকৃত বন্ধুৰ চিনাকি দিব নােৱাৰি। বিপদৰ বন্ধুহে প্রকৃত বন্ধু এই কথা মনত ৰাখিব লাগে। প্রত্যেকটো বিপদৰ সময়ত বন্ধুৰ ওচৰত থাকিব লাগিব। বন্ধু হ’ব লাগিব ছেক্সপীয়াৰৰ বিখ্যাত নাটক ‘মর্চিয়েল ভেনিছ’ত থকা দুই বন্ধু এন্টনিও আৰু বেচানিওৰ দৰে য’ত এণ্টনিওই বন্ধুক সহায়ৰ বাবে নিজৰ দেহৰ মাংস পর্যন্ত বাজি লগাবলৈ কুণ্ঠাবােধ কৰা নাছিল। তেতিয়াহে সঁচা অৰ্থত বন্ধুত্ব দিৱস পালনৰ উদ্দেশ্য সফল হ’ব।।