অসমশীৰ্ষ

বজালীত বন‍্যাৰ্তৰ কাষত ভট্টদেৱ বিশ্ববিদ্যালয় “আছু” গোটৰ কৰ্মী

ভুটানৰ পৰা নামি অহা আকস্মিক বানত বৃহত্তৰ বজালীবাসী সৰ্বস্বান্ত হোৱাৰ লগতে বহু লোক গৃহহীন হৈছিল । উল্লেখ্য যে বজালী মহকুমাৰ পহুমাৰা আৰু কালদিয়া নৈৰ বাঢ়নী পানীয়ে বজালী অঞ্চলত এবাৰ নহয় , দুবাৰ নহয় তিনিবাৰকৈ ত্ৰাসৰ সৃষ্টি
কৰিছিল । যাৰ ফলত বানাক্ৰান্ত ৰাইজৰ খোৱা খাদ্যৰ উপৰিও বহুত প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত দিন কটাবলগীয়া হৈছিল । উল্লেখ্য যে বজালী মহকুমাৰ সদৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয় বজালী “আছু” গোটে পাঠশালা অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা খাদ্য – সামগ্ৰী , চেনিটাৰী , নেপকিন আদিৰ লগতে প্ৰয়োজনীয় বহুতো সামগ্ৰী সংগ্ৰহ কৰি বন্যাৰ্তৰ কাষত থিয় দিছে । তেওঁলোকে বজালীৰ বিভিন্ন ঠাইত চাৰি – পাঁচ দিন ধৰি বান সাহাৰ্য্য বিতৰণ কৰে । উল্লেখযোগ্য যে উপৰ’নৈ মুগুৰীয়া , পূব কলৰগুৰি , ইছলামপুৰ , আমদহ , ৰণা হাইস্কুল , মহাৰাণী নদীপাৰ আদিকে ধৰি বিভিন্ন বানাক্ৰান্ত অঞ্চলসমূহত সাতশৰো অধিক বানাক্ৰান্তৰ ঘৰে ঘৰে তথা অস্থায়ী আশ্ৰয় শিবিৰলৈ গৈ খাদ্য সামগ্ৰী চিৰা , মুড়ি , চাউল , বিস্কুট , বিশুদ্ধ খোৱা পানী , প্ৰাথমিক চিকিৎসাত ব্যৱহাৰ কৰা সামগ্ৰী চেনিটাৰী , নেপকিন , ফাইনেল , ব্লিচিং পাউদাৰ আদিকে ধৰি বহুতো লাগতিয়াল সমগ্ৰী বিতৰণ কৰে ভট্টদেৱ বিশ্ববিদ্যালয় “আছু” গোটৰ কৰ্মী সকলে । ইপিনে কুৰিশ্বো জল বিদ্যুৎ প্ৰকল্পৰ ঢোলে সমগ্ৰ বজালী অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা সময়তে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ “আছু” গোটৰ কৰ্মী সকলে পাঠশালাৰ সমীপৰ মুগুৰিয়াৰ হাগুৰীগাঁওত উদ্ধাৰ অভিযান চলাই প্ৰায় অৰ্ধ শতাধিক পৰিয়ালক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ উপৰিও উদ্ধাৰকাৰী লোক সকলৰ বাবে মুগুৰীয়া ভাতৃ সংঘত নিজাববীয়াকৈ এটা আশ্ৰয় শিবিৰ স্থাপন কৰি দিয়ে । বজালী মহকুমাৰ বিভিন্ন স্থানত গৈ ভট্টদেৱ বিশ্ববিদ্যালয় “আছু” গোটৰ কৰ্মী সকলে নিজাববীয়াকৈ উদ্ধাৰ অভিযান চলোৱাৰ উপৰিও নিজাববীয়াকৈ আশ্ৰয় শিবিৰ স্থাপন কৰে । এই কাৰ্যসূচীত বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমুদ্ৰ পাটগিৰী , পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সৌৰভ শৰ্মা , ভট্টদেৱ বিশ্ববিদ্যালয় “আছু” গোটৰ সভাপতি অঞ্জন জ্যোতি নাথ , সাধাৰণ সম্পাদক মৃন্ময় পাঠক , জোনদ্বীপ দাস , জোনদ্বীপ কলিতা , ময়ূৰ কলিতা , বজালী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উপ সভাপতি কৃষান জ্যোতি বৰুৱা , সাধাৰণ সম্পাদক অৰ্ণৱ বৰ্মনকে ধৰি প্ৰায় অৰ্ধ শতাধিক “আছু” কৰ্মীয়ে সহযোগ কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close