অসমশীৰ্ষ

বজালীত গ্ৰীস্মকালীন কৰ্মশালাৰ সফল পৰিসমাপ্তি

চিন্ময় লহকৰ

বজালীৰ মহকুমাৰ অন্তৰ্গত নিত্যানন্দৰ ৰংগোলী আৰ্ট একাডেমীৰ উদ্যোগত আৰু ৰংগোলী বেষ্ট কোচিং চেন্টাৰৰ সহযোগত বিগত বৰ্ষৰ দৰে এইবেলিও ৪ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ কালি নিশা সফল পৰিসমাপ্তি হয় । শংকৰদেৱ শিশু বিদ্যা নিকেন নিত্যানন্দত অনুষ্ঠিত হোৱা এই কৰ্মশালাত অঞ্চলটোৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে । উল্লেখযোগ্য যে ৰংগোলী অআৰ্ট একাডেমী ৰ উদ্যোগত আৰু ৰংগোলী বেষ্ট কোচিং চেন্টাৰৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন কৰ্মশালাত বৰ্তমান সময়ত বনাঞ্চল ধ্বংস হোৱা ফলত মানুহ জন্তুৰ সংঘাত বৃদ্ধি , বায়ু প্ৰদূষণ , গছ থাকিলে মানুহ থাকিব আদিত গুৰুত্ব প্ৰদান কৰি প্ৰতিদিনে গছ পুলি ৰোপণ আৰু সংৰক্ষণ কাৰ্যসূচীৰ আয়োজন কৰাৰ উপৰিও কৰ্মশালাত উপস্থিত থকা নিমন্ত্ৰিত ব্যক্তি সকলক গছ পুলি বিতৰণ কৰে । কালি সন্ধিয়া বিবেকানন্দ নিকেতনৰ প্ৰাঙ্গনত ক’লাগুৰু বিষ্ণু প্ৰসাদ ৰাভা সোৱৰণী অস্থায়ী মঞ্চত স্থানীয় সমাজ সেৱক তপন চৌধুৰীৰ সভাপতিত্বত কৰা বঁটা বিতৰণি , সম্বৰ্ধনা অনুষ্ঠানত ২০১৯ বৰ্ষৰ আনুষ্ঠানিক ভাৱে “বজালী কোঁৱৰ” উপাধি প্ৰদান কৰে অসমৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰক আৰু “বজালী নাট্য সাধনা” বটা প্ৰদান কৰে জনপ্ৰিয় অভিনেতা সঞ্জীৱ শৰ্মাক। এই বঁটাত গামোচা, সম্বৰ্ধনা পত্ৰ, মোমেন্ট , গছপুলি আৰু ফুলাম জাপি প্ৰদান কৰে । এই অনুষ্ঠানত “বজালী কোঁৱৰ” উপাধি প্ৰদান কৰা ৰাজকুমাৰে কৰ্মকৰ্তা সকলক ধন্যবাদ জ্ঞাপন কৰে । এনেকুৱা বঁটাহে বা সন্মানে মানুহক কাম কৰিবলৈ উৎসাহ জনায় আৰু এনেকুৱা মৰম আৰু সন্মানে মানুহক কৰিবলগীয়া কামবোৰ কৰিবলৈ বাধ্য কৰায় বুলি অভিনেতা গৰাকীয়ে মত ব্যক্ত কৰে । আনহাতে মুকলি সভা , বঁটা বিতৰণি , সম্বৰ্ধনা অনুষ্ঠান পূৰ্বে ৰংগোলী আৰ্ট একাডেমীৰ অভিভাৱক সকলে সমবে

ত সংগীত পৰিবেশন কৰে । ৰংগোলী আৰ্ট একাডেমীৰ মুখ্য উপদেষ্টা ভূপেশ খাটনিয়াৰে আঁত ধৰা বঁটা বিতৰণি আৰু সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰংগোলী আৰ্ট একাডেমীৰ অধ্যক্ষ মৃন্ময় পাঠকে । উক্ত মুকলি সভা , বঁটা বিতৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি বিপণন পৰিষদৰ উপাধক্ষ্য মনোজ বৰুৱা, বিশিষ্ট সমাজ কৰ্মী গিৰীশ পাটগিৰী । নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বজালী মহকুমাৰ এগৰাকী জেষ্ঠ অধিবক্তা, সমাজকৰ্মী গিৰীধৰ চৌধুৰী, কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধী । মুখ্য আলহী হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা কনক দাস, বজালী মহকুমা আৰক্ষী অধীক্ষক বিৰিঞ্চি বৰা, লোকগীতৰ সাধক বসন্ত পাটগিৰী, সমাজকৰ্মী ফুকন পাঠক । নিমন্ত্ৰিত অতিথি হিচাপে প্ৰাগ নিউজ বজালীৰ সাংবাদিক জিন্টুল তালুকদাৰ, পি. আই. নিউজৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি কলিতা, বিবেকানন্দ নিকেতনৰ ৰেক্টৰ পৰাগ তহবিহলদাৰ, যুৱ তীৰ্থ অসমৰ সম্পাদক অপূৰ্ব অধিকাৰী , নিয়মীয়াবাৰ্তা সৰভোগৰ সাংবাদিক নিতীশ ৰঞ্জন পাটগিৰীকে ধৰি বহুত বিশিষ্ট লোক উপস্থিত থাকে । মুকলি সভা ,বঁটা বিতৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা নিমন্ত্ৰিত ব্যক্তি সকলক গছপুলি, গামোচা অাৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায় । এই অনুস্থানতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫ % নম্বৰ লাভ কৰি নিত্যানন্দ অঞ্চললৈ সুনাম কঢ়িয়াই অনা কৃতি ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বজালী ভিত্তিত আয়োজিত চিত্ৰাংকণ প্ৰতিযোগিতাৰ প্ৰতিযোগী সকলৰ মাজত প্ৰমাণ পত্ৰ , গছপুলি ট্ৰফী সমূহৰ লগতে কৰ্মশালাত অংশ গ্ৰহণ কৰা শতাধিক ছাত্ৰ ছাত্ৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানতো সুন্দৰকৈ চলাই নিয়াৰ বাবে সকলোকে ধন্যবাদ জনায় ৰংগোলী আৰ্ট একাডেমীৰ অধ্যক্ষ মৃন্ময় পাঠকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close