অসমশীৰ্ষ

বজালীত কণ্ঠশিল্পী দীক্ষুৰ লগতে বিভিন্ন দল সংগঠনৰ বানাক্ৰান্তক সহায়ৰ হাত

চিন্ময় লহকৰ

বজালী মহকুমাৰ সদৰ পাঠশালাৰ অন্তৰ্গত নৰেশ্বৰ ৰণা হাইস্কুলত বানাক্ৰান্তৰ বাবে স্থাপন কৰা হৈছে অস্থায়ী আশ্ৰয় শিবিৰ । এই আশ্ৰয় শিবিৰিত বজালীৰ বিভিন্ন ঠাইৰ কেবাটাও পৰিয়াল আশ্ৰয় গ্ৰহণ কৰি আছে । এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰিবলগীয়া বানাক্ৰান্ত ৰাইজক চৰকাৰৰ ফালৰ পৰাও পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা নোপোৱাৰ ও অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে । ইতিমধ্যে এই আশ্ৰয় শিবিৰত বিভিন্ন দল সংগঠন , অনুষ্ঠান প্ৰতিষ্ঠানে কিছু খোৱা সামগ্ৰী আৰু খোৱা পানীৰ বটল যোগান ধৰে । এই আশ্ৰয় শিবিৰত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা ৰাইজৰ খা – খবৰ লয় । উক্ত আশ্ৰয় শিবিৰত ৪৩ টা পৰিয়ালৰ ১৫৭ জন ভুক্তভুগিলৈ বৰপেটা জিলা আৰু বজালীৰ প্ৰাথমিক উৰ্ত্তীণ টেট শিক্ষকৰ পৰা কল , কণী , ৰুটি , জেলী , পানীৰ বটল , চাহ আদিৰ সাহাৰ্য্য হিচাপে যোগান ধৰে । লগতে শিবিৰত থকা নগদ ধন দি সাহাৰ্য্য কৰাৰ উপৰিও চিকিৎসালয়ৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে । ইপিনে আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুই নৰেশ্বৰ ৰণা আশ্ৰয় শিবিৰত আহি বানাক্ৰান্ত লোক সকলৰ খা – খবৰ লোৱাৰ উপৰিও বিভিন্ন খোৱা বস্তু বানপীড়িত লোক সকলৰ মাজত বিতৰণ কৰে । কণ্ঠ শিল্পী দীক্ষুৰ লগত যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ মৃদুল তালুকদাৰ , বজালী মহকুমাৰ ছাত্ৰ সন্থাৰ হিমাংশু শৰ্মাই সহায় সহযোগিতা আগবঢ়াই ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close