অসমবিশেষশীৰ্ষ

বগাবিল বৰমতা ৰঙ্গমঞ্চৰ প্ৰাঙ্গনত তিহাৰ সমাৰোহ সম্পন্ন

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত বগাবিল বৰমতা ৰঙ্গমঞ্চৰ প্ৰাঙ্গনত  দিনযোৰা কাৰ্যসূচীৰে বগাবিল বৰমতা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত কৰা নেপালী সম্প্ৰদায়সকলৰ পৱিত্ৰ বিশাল তিহাৰ সমাৰোহভাগ সম্পন্ন হয় । উক্ত তিহাৰ সমাৰোহৰ সভাপতি শংকৰ পাঠক আৰু সম্পাদক ৰূপম শৰ্মাই জানিবলৈ দিয়ে যে পুৱাই ধৰ্মধ্বজাৰ পতাকা উত্তোলন কৰি অঞ্চলৰ জাতীয় শ্বহীদসকলৰ প্ৰতিচ্চবিত পুষ্পাঞ্জলী, মাল্যাৰ্পন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শোক প্ৰস্তাৱভাগ সম্পন্ন কৰে । তাৰপিচতে নেপালী সম্প্ৰদায়সকলে ঘৰুৱা কাম-কাজত ব্যৱহাৰ কৰা তথা উৎসৱত পৰিধান কৰা মনি-মালাৰ উপৰিও লুপ্ত হোৱা সামগ্ৰীসমুহৰ প্ৰদৰ্শনীৰ বাবে সংগ্ৰহালয়ো মুকলি কৰে । মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ মহা সচিব বীৰেন্দ্ৰ ৰাণা । তেওঁ বহুমূলীয়া ভাষন প্ৰসংগত কয় যে – “নিজৰ জাতিৰ পৰম্পৰা-সংস্কৃতিক আমি গুৰুত্ব প্ৰদান দিলেহে উঠি অহা প্ৰজন্মই নিজৰ জাতিৰ পৰম্পৰা-সংস্কৃতিক গুৰুত্ব দিব” । তাৰপিচতে অঞ্চলৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা ভৈলি আৰু সঙ্গীনি দলসমুহে সুন্দৰকৈ নিজৰ ভৈলি আৰু সঙ্গীনি নৃত্য প্ৰদৰ্শন কৰে । প্ৰায় ৩০ টা ভৈলি আৰু ৩ টা সঙ্গীনি দলে অংশগ্ৰহণ কৰে । তাৰে ভিতৰত তেজপুৰ চান্দমাৰী আৰু নাগশংকৰ ভৈলি দল অন্যতম । ভৈলি প্ৰতিযোগিতাৰ পিচতে নিশা এখন সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close