স্বাস্থ্য

বকফুলৰ ঔষধি গুণ

দীপা হাতীকাকতি

বকফুলবোৰ পলাশ ফুলৰ নিচিনা দেখিবলৈ , পাতবোৰ তেঁতেলী পাতৰ নিচিনা । সাধাৰণতে ৰঙা আৰু বগা ৰঙৰ বকফুল দেখা যায় , এই ফুল মানুহে ভাজি খায়। আমাৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বেছি ভাগ উপদানেই বক ফুলত আছে – ফাইবাৰ 1.9% , ফেট 1.3% , কেলৰি 90 % , পানী 74.5% , প্ৰটিন 7.5% , কেলচিয়াম 120 মিলিগ্ৰাম , ফছফৰাছ 80 মিলিগ্ৰাম , আয়ৰণ 3.5 মিলিগ্ৰাম , ভিটামিন – C 165 মিলিগ্ৰাম , মিনাৰেল 3.4% ।
বকফুলৰ গছৰ বাকলি টেনিন বা ৰঙা আঠা সমৃদ্ধ ।
বকফুলৰ আছে বহুতো ঔষধি গুণ –


* গাৰ বিষ বেদনা , জ্বৰ আদিত বকফুলৰ মূল ব্যৱহাৰ কৰা হয় ।
* ইয়াৰ বাকলি বসন্ত ৰোগৰ চিকিৎসাত আৰু মুখত হোৱা অলচাৰৰ চিকিৎসাত ব্যৱহাৰ হয় ।
* কৃমি আৰু জ্বৰত ইয়াৰ পাতৰ ৰস খুৱালে সুফল পোৱা যায় ।
* হাড় মজবুত কৰে ।
* গেষ্ট্ৰিকৰ সমস্যা দূৰ কৰে ।
* কোষ্ঠ কাঠিন্যৰ সমস্যা দূৰ কৰে ।
*বক ফুলে স্নায়বিক দুৰ্বলতা দূৰ কৰে ।
* শৰীৰৰ দুৰ্বলতা দূৰ কৰে ।
* মূৰৰ বিষ হলে বকফুলৰ পাতৰ ৰস গৰম পানীৰ সৈতে মিহলাই ভাপটো শুঙিলে আৰাম পোৱা যায় ।
* বকফুলে হজম শক্তি বৃদ্ধি কৰে ।
* বক ফুলে কেন্সাৰ প্ৰতিৰোধ কৰে ।
* মৃগী বেমাৰ ভাল কৰে ।
* স্মৃতি শক্তি বৃদ্ধি কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close